অৱশেষত আৰক্ষীৰ জালত পৰিল দুধৰ্ষ গাড়ী অপহৰণকাৰী জিয়াবুৰ আৰু আহমত আলী

IMG 20201012 WA0000

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ আমনিত দেওবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই দুজন দুৰ্ধৰ্ষ গাড়ী অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত চামগুৰি আৰু পুৰণিগুডাম আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় শিয়ালখাইটিৰ জিয়াবুৰ ৰহমান আৰু খলিহামাৰীৰ আহমত আলী ৷লগতে আন এজনে পলায়ন কৰিবলৈ সক্ষম হয় ।

আনহাতে ধৃত জিয়াবুৰ ৰহমানে নাকত মেটেকাৰ ঠাৰি সুমুৱাই মেটেকা ভৰ্তি পানীৰ তলত সোমাই আত্মগোপন কৰি আছিল । অৱশ্যে পাছত আৰক্ষীয়ে এছ ডি আৰ এফ বাহিনীৰ ডুবাৰু আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত অভিযান চলাই জিয়াবুৰ ৰহমানক পানীৰ পৰা উলিয়াই আনি আটক কৰে ৷

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় দাসে দৈনিক অগ্ৰদূতৰ আগত কয়, “আটক কৰা জিয়াবুৰ ৰহমান আৰু আহমত আলীয়ে যোৱা নিশা আমনিৰ পৰা ট্ৰাক অপহৰণ কৰাৰ পৰিকল্পনা কৰাৰ বিষয়ে গোপন সূত্ৰৰ জৰিয়তে জানিব পাৰো ৷ সেই মৰ্মে আমি সাধাৰণ পোচাকত তেওঁলোকক অনুসৰণ কৰোঁ যদিও জিয়াবুৰে নিশা ধাবাখনৰ ওচৰতে মেটেকা থকা খাল এটাত ডুব মাৰি পানীৰ তলত লুকাই থাকে ৷ পাছত এছ ডি আৰ এফ বাহিনীৰ ডুবাৰুৰ দ্বাৰা পানীৰ তলত পৰা জিয়াবুৰক উলিয়াই আনি উদ্ধাৰ পৰা হয় ।”

উল্লেখযোগ্য যে গাড়ী অপহৰণকাৰীৰ মাষ্টাৰ মাইণ্ড জিয়াবুৰ কেইদিনমান পূৰ্বে জেলৰ পৰা জামিনত ওলাই আহিয়েই পুনৰ অপৰাধ মূলক কাৰ্যত লিপ্ত হৈছিল ৷ আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে ধৃত গাড়ী অপহৰণকাৰীসকলে ৩৭ নম্বৰ ঘাইপথৰ কাষত থকা কেতবোৰ ধাবাত ৰখোৱা ট্ৰাকৰ ড্ৰাইভাৰৰ লগতে প্ৰথমতে বন্ধুত্ব কৰে ৷ তাৰ পাছত চালকৰ লগত মিলি ট্ৰাকত কঢ়িয়াই অনা সামগ্ৰী চুৰি কৰি পথত ডকাইতি কৰা বুলি চালকক গাড়ীৰ মালিকক খবৰ দিয়ে ৷

সেই মতে ট্ৰাক চালকে কাম নকৰিলে বিভিন্ন কৌশলেৰে ট্ৰাক অপহৰণ কৰি চালকক ডিঙি চেপি হত্যা কৰি গাড়ীখন পথৰ কাষত দুৰ্ঘটনা কৰি পেলাই দিয়ে। আৰক্ষীৰ মতে কিছুদিন পূৰ্বে মিছা আৰক্ষী চকীৰ অধীনস্থ অঞ্চলত তেনেকুৱা এক দুৰ্ঘটনা ঘটিছিল ৷ সেই সূত্ৰেই দেওবাৰে নিশা জালত পেলাই জিয়াবুৰ আৰু আহমত আলীক আটক কৰা হয় ৷

Exit mobile version