এইবাৰ অশৰীৰীও পৃথিৱীলৈ আহিব জোনৰ পোহৰত

0x800 1

অশৰীৰীসকলৰ পৃথিৱীলৈ নামি অহাৰ দিনটোত পশ্চিমীয়া দেশসমূহে পালন কৰে হেল’ৱিন উৎসৱ । সততে জোনৰ পোহৰ নথকা নিশাহে এই উৎসৱ পালিত হয় । কিন্তু এইবাৰৰ হেল’ৱিন উৎসৱৰ নিশা আকাশ-মাটিত জ্যোৎস্না সিঁচি দিব সম্পূৰ্ণ গোলাকাৰ চন্দ্ৰই । বিৰলৰ ভিতৰত বিৰলতৰ ঘটনাৰ সাক্ষী হোৱাৰ বাবে আগবাঢ়িছে এই মহাবিশ্ব । সুদীৰ্ঘ ৭৬বছৰৰ পাছত আমি এই দৃশ্য দেখা পাম । আগন্তুক ৩১ অক্টোবৰতে এই ব্যতিক্ৰমী ঘটনাৰ সাক্ষী হ’ব পৃথিৱীবাসী ।

লক্ষ্যণীয়ভাৱে ৩১ অক্টোবৰতে বিশ্ববাসীয়ে পালন কৰিব হেল’ৱিন উৎসৱ।বিজ্ঞানীসকলে জনাইছে যে ইয়াৰ পূৰ্বে ১৯৪৪ ত এনে ঘটনা হৈছিল । সেই দিনটোতে পালন হৈছিল হেল’ৱিন উৎসৱ । আগন্তুক হেল’ৱিনতো ঘটিব তেনে এক বিৰল ঘটনা । দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্ৰথমবাৰলৈ সেই নিশা পৃথিৱীৰ সকলো প্ৰান্তৰ পৰাই সকলোৱে চন্দ্ৰৰ অপৰূপ সৌন্দৰ্য প্ৰত্যক্ষ কৰিব । দেখা পাব নীলাভ আভাৰ চন্দ্ৰ।

Exit mobile version