কৰ’নাৰ বাবেই থমকিল দ্বিশতাধিক মৃতদেহ কঢ়িওৱা আৰিফৰ এম্বুলেঞ্চ

image 2

মানৱতাৰ জয়গান গায়েই চিৰদিনলৈ বিদায় ল’লে নতুন দিল্লীৰ এজন এম্বুলেঞ্চ চালকে । কৰ’না কালত দ্বিশতাধিক ক’ভিড-১৯ ৰোগীৰ মৃতদেহ কঢ়িয়াইছিল ।অৱশেষত নিজেও এজন কৰ’না ৰোগীৰূপেই চিৰদিনলৈ মেলানি মাগিবলগীয়া হ’ল।দীৰ্ঘদিনৰ পৰা এম্বুলেঞ্চ চলাইছিল যদিও কৰ’না কালত আৰিফ খান নামৰ এই ৪৮বছৰীয়া চালকজন হৈ উঠিছিল এক অনন‍্য যোদ্ধা ।

যাৰ বাবে বিগত সাতমাহ ধৰি তেওঁ দেখা নাছিল পত্নী আৰু চাৰি সন্তানক । ভৱিষ্যতেও পত্নী আৰু সন্তানে দেখা নাপাব তেওঁৰ মুখ । শনিবাৰে তেওঁৰ মৃতদেহো দিল্লীৰ হিন্দু ৰাও হাস্পতালৰ পৰা শেষকৃত্যৰ বাবে কঢ়িয়াই নিয়ে আন এজন এম্বুলেঞ্চ চালকে । দিল্লীৰ ছহিদ ভগৎ সিং সেৱা দলৰ বিনামূলীয়া সেৱাৰ এম্বুলেঞ্চ চলাইছিল আৰিফে ।

আৰিফে অসংখ্য কৰ’না ৰোগী হাস্পতাললৈ নিয়াৰ উপৰি দ্বিশতাধিক মৃত কৰ’না আক্ৰান্তৰ মৃতদেহ শেষকৃত্যৰ বাবে নিছিল । শেষত তেওঁ নিজেই সংক্ৰমিত হ’ল কভিড-১৯ত । সেয়ে কে’বামাহ ধৰি তেওঁ ঘৰলৈকো যোৱা নাছিল । যোৱা শনিবাৰে চিকিৎসাধীন অৱস্থাতে চিকিৎসালয়তে শেষনিশ্বাস ত্যাগ কৰে চালকজনে।

কৰ’নাৰ বিপৰ্যয়ৰ সন্মুখত আৰিফৰ কৰ্তব্য পালন যেন আনৰ তুলনাত অনেক ভিন্ন আছিল । প্ৰায় সাতমাহ ধৰি তেওঁ নিজৰ এম্বুলেঞ্চ খনতে দিনে-নিশাই অতিবাহিত কৰিছিল । ক’ভিডত মৃত্যু হোৱা বহু লোকৰ মৃতদেহ সৎকাৰৰ সময়ত পৰিয়ালো নাহে । সেই ক্ষেত্ৰত নিজৰ টকা দি হ’লেও আৰিফে মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰিছিল ।

আৰিফক শেষবাৰলৈ এবাৰ কাষৰ পৰা চাবলৈ নাপালে পত্নী-সন্তানে । সেই মাৰ্চৰ পৰাই ঘৰৰ বাহিৰত থকা লোকজনে আৰু উভতি আহিব নোৱাৰিলে । দীৰ্ঘদিন ধৰি নেদেখা লোকজনক তেওঁলোকে দূৰৰ পৰাই চিৰ বিদায় দিবলগীয়া হ’ল ।

Exit mobile version