পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত ধনদাবীৰ অভিযোগঃ আটক এজন

5ef5487182fc2 2574725 102717 kfsn dig threat visalia arrest img

১০ লাখ টকা ধন দাবীৰ অভিযোগত পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত এজন লোকক আটক কৰা হৈছে ৷ তাজ উদ্দিন নামৰ লোকজনে ফোনযোগে ১০ লাখ টকা দাবী কৰিছিল পথ নিৰ্মাণকাৰী কোম্পানী ভাৰতীয় ইনফ্ৰা প্ৰজেক্ট লিমিটেডৰ নিৰ্মাণ কাৰ্যৰ তদাৰক কেডাৰ বাজাজক ।

আনহাতে তাজ উদ্দিনে নিজকে উগ্ৰপন্থী সংগঠন DHD ৰ সদস্য বুলি পৰিচয় দিছিল । খেৰণি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পৱন কলিতাৰ নেতৃত্বত চলা ১০-১২ দিনীয়া অভিযানৰ অন্তত খেৰণি আৰক্ষীৰ জালত পৰে অভিযুক্ত তাজ উদ্দিন৷ইপিনে তাজ উদ্দিনৰ ঘৰ হোজাই জিলাৰ খাৰিখানা গাঁৱত ৷

অভিযুক্তৰ হাতৰ পৰাই ইতিমধ্যে ধন দাবী কৰা মোবাইল-ছিম উদ্ধাৰ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । গুৰুত্বপূৰ্ণ যে, ইয়াৰ পূৰ্বেও অভিযুক্তই অনুৰূপ ঘটনা তথা ধনদাবীৰ কাৰ্য কৰি আহিছিল পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলত ।

Exit mobile version