পশ্চিম কাৰ্বি আংলঙৰ হামৰেণত কংগ্ৰেছ নেতাৰ নেতৃত্বত ৭৯ পৰিয়ালৰ যোগদান বিজেপিত

WhatsApp Image 2020 10 12 at 5.40.18 PM

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন । যিমানেই নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই ৰাজনৈতিক দলৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে কাৰ্বি আংলঙত । এফালে যদি কংগ্ৰেছ দলে নিৰ্বাচনী টোপ দি ৰাইজৰ মন জয়ী কৰাৰ চেষ্টা কৰিছে আনফালে আকৌ বিজেপিয়ে আঁচনি ৰূপায়ণ কৰা আৰু বিজেপিত যোগদান কৰা কাৰ্যসূচীৰে নিজৰ ভেটি মজবুত কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে পাহাৰীয়া জিলা কাৰ্বি আংলঙত ।

উল্লেখযোগ্য যে, আজিও পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ হামৰেণ পৰিষদীয় সমষ্টিত বিজেপিৰ এখন ৰাজহুৱা যোগদান সভা অনুষ্ঠিত হয় । আৰু এই সভাৰ মজিয়াতে কংগ্ৰেছ নেতা তথা পশ্চিম কাৰ্বি আংলং কংগ্ৰেছ জিলা কমিটিৰ সম্পাদক কৃষ্ণ তিমুঙৰ নেতৃত্বত ৭৯ পৰিয়ালে কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে আজি বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা যায় ।

গুৰুত্বপূৰ্ণ যে কংগ্ৰেছৰ প্ৰতি আস্থা হেৰুৱাই আৰু নেতৃত্বক লৈ অতিষ্ঠ হৈ এনেদৰে আজি কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে বুলি মত প্ৰকাশ কৰে কংগ্ৰেছ নেতা কৃষ্ণ তিমুঙে। ইফালে অনুষ্ঠিত সভাত ভাষণ প্ৰসংগত বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা কমিটিৰ সভাপতি ৰদীপ ৰংহাং আৰু কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে বিৰোধী ৰাষ্ট্রীয় দল কংগ্ৰেছ আৰু এ পি এইছ এল চি আঞ্চলিক দলক কঠোৰ ভাষাৰে তীব্ৰ সমালোচনা কৰে ।

লগতে কেৱল বিজেপি চৰকাৰেহে ৰাইজৰ অভাৱ অভিযোগ, সমস্যা আদি দূৰ কৰিব পাৰে বুলি দাবী কৰে । কাৰণ চৰকাৰ গঠন কৰা দলৰহে সেই ক্ষমতা আৰু অধিকাৰ থাকে বুলি মন্তব্য কৰে নেতা কেইগৰাকীয়ে । বিজেপিয়ে সদায় সকলোকে সমদৃষ্টিৰে চায় আৰু সৰ্বাংগীন উন্নয়ন-বিকাশ আৰু প্ৰগতিৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ আহিছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা কমিটিৰ সভাপতি ৰদীপ ৰংহাং আৰু কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ উপৰিও অনুষ্ঠিত সভাত পশ্চিম কাৰ্বি আংলং বিজেপি জিলা কমিটিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ’, গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেন তিচ্ছ, বিজেপি নেতা ক্ৰমে মংগল বে, জয়ছিং ইংতি, বাছা টেৰণ, বিজেপি কিষণ মৰ্চাৰ সম্পাদক আৰচঙ ৰংহাং আৰু সহস্ৰাধিক বিজেপি কৰ্মকৰ্তা উপস্থিত থাকে।

Exit mobile version