টাটাৰ ইনকামিং ইলেকট্ৰিক চাপ্লাই ব্যাহত হোৱাৰ কাৰণে সোমবাৰে বিদ্যুতৰ সৰবৰাহ বন্ধ হ’ল মুম্বাইৰ বিস্তীৰ্ণ অঞ্চলত । যাৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হয় মুম্বাইবাসী । কিন্তু সম্প্ৰতি যান্ত্ৰিকৰ সমস্যাত লাহে লাহে অতিক্ৰম কৰি স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হৈছে মুম্বাইত ৷ মুম্বাই, থানে, নবি মুম্বাই আৰু মুম্বাইৰ বিভিন্ন অঞ্চলত সম্প্ৰতি বিদ্যুতৰ সৰবৰাহ আৰম্ভ হৈছে । লগতে পুনৰ আৰম্ভ হৈছে ৰেল সেৱা ।
উল্লেখযোগ্য যে আজি মুম্বাইৰ জুহু, আন্ধেৰী, মিৰা ৰোজ, নবি মুম্বাইকে ধৰি বহু অঞ্চলত বিদ্যুতৰ নাটনিৰ প্ৰভাৱ বাৰুকৈয়ে পৰে । এই সন্দৰ্ভত মুম্বাইৰ ইলেকট্ৰিক চাপ্লাই এণ্ড ট্ৰান্সপোৰ্টৰ পৰা জনোৱা হৈছিল যে টাটাৰ ইনকামিং ইলেকট্ৰিক চাপ্লাই ব্যাহত হোৱাৰ কাৰণে বিদ্যুতৰ নাটনি দেখা গৈছে ।
এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ বিদ্যুত বিভাগৰ মন্ত্ৰী নিতিন ৰাউতে কয় যে, “আমাৰ বিভাগীয় কৰ্মীসকলে ইতিমধ্যে যাৱতীয় কাম কাজ কৰি আছে গতিকে অনতিপলমে এই সমস্যাৰ সমাধান হ’ব ৷” লগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উৰ্দ্ধৱ থাকৰেও এই সমস্যাৰ সমাধান হোৱাৰ আশ্বাস প্ৰদান কৰে । আনহাতে বহু ঠাইত ইতিমধ্যে ৰেল বাতিল কৰা হৈছিল যদিও মায়ানগৰীখনৰ পুনৰ বিদ্যুতৰ সংযোগ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে মুম্বাইবাসীয়ে ৷