সমাগত দুৰ্গাপূজা। কৰ’না মহামাৰীয়ে দেশৰ বহু ক্ষেত্ৰৰ লগতে বহু অনুষ্ঠানতো প্ৰভাৱ পেলাইছে । বিগত বৰ্ষৰ দৰে এইবাৰ পুজাকে ধৰি বিভিন্ন অনুষ্ঠান পালন কৰাটো খুবেই কঠিন হৈ পৰিছে । উল্লেখযোগ্য যে, প্ৰতিবছৰে লালকিল্লাত আয়োজন কৰা সকলোতকৈ বৃহৎ ৰামলীলাৰ কাৰ্যসূচী এইবাৰ কৰ’না মহামাৰীৰ ভয়াবহতাৰ বাবে অনুষ্ঠিত কৰা নহয় । প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে ভাগ লোৱা এই বৃহৎ অনুষ্ঠান ৮০ বছৰৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নহয় ।
দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল চৰকাৰৰ দ্বাৰা ঘোষণা কৰিছিল যে, ক’ভিডৰ সকলো প্ৰট’কল মানি চলি দিল্লীত ৰামলীলা আৰু দুৰ্গাপূজা উৎসৱ অনুষ্ঠিত কৰিব পাৰিব ।
উল্লেখ্য যে, দিল্লীত প্ৰায় ৮০০ টা ৰামলীলাৰ অনুষ্ঠানৰকআয়োজন কৰা হয় । কিন্তু এইবাৰ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বেছিসংখ্যক ৰামলীলাৰ আয়োজন কৰাৰ সম্ভাৱনা খুব কম । আনহাতে, দিল্লীত এই পৰ্যন্ত ৩ লাখ লোক আক্ৰান্ত হৈছে কৰ’নাত। সমগ্ৰ দেশত কৰ’না আক্ৰান্তৰ সংখ্যাই ৭১ লাখৰ সীমা অতিক্ৰম কৰিছে।