১৯ বছৰত দোকানৰ পৰা চুৰি কৰা সামগ্রীৰে ২৮কোটি টকাৰ গৰাকী হ’ল মাৰ্কিন মহিলা

image 6

চুৰি কৰি কোটি টকাৰ গৰাকী হোৱাৰ ঘটনা হয়তো অতিকৈ বিৰল । কিন্তু আমেৰিকাৰ টেক্সাছত চুৰি কাণ্ডৰে কোটিপতি হৈছে এগৰাকী মহিলা । নাম কিম ৰিচাৰ্ডছন । বয়স প্ৰায় ৬৩ বছৰ । মহিলাগৰাকীয়ে দেশখনৰ বিভিন্ন প্ৰদেশলৈ ভ্ৰমণলৈ যায় । উদ্দেশ্য এটাই দোকানে দোকানে চুৰি কৰা । কিমে দোকানতে চুৰি কৰাৰ বাবে নিৰাপত্তা ব্যৱস্থাক ফাঁকি দিব পৰাকৈ বিশেষ যন্ত্ৰৰো ব্যৱহাৰ কৰিছিল।

তদুপৰি চুৰি কৰা সামগ্ৰী এটা ডাঙৰ ক’লা বেগত ভৰাই দোকানত পৰা বাহিৰ হয় কিমে । চুৰি কৰা সামগ্ৰী কিমে পুনৰ ‘অনলাইন’ যোগে বিক্ৰী কৰি দিয়ে । চুৰি সামগ্ৰীবিলাক নতুনকৈ পেকিং কৰি আমেৰিকাৰ বিভিন্ন কুৰিয়াৰ সেৱাৰযোগে ক্রেতাৰ ওচৰলৈ প্ৰেৰণ কৰে । সামগ্রীৰ মূল্য আদায় কৰে ‘পে পাল’ৰ মাধ্যমত ।

আৰক্ষীয়ে সমগ্ৰ চুৰি কাণ্ডৰ হিচাপ কৰি দেখিলে ১৯ বছৰত কিমে ৩.৮মিলিয়ন মাৰ্কিন ডলাৰৰ আয় কৰিছে । ভাৰতীয় মুদ্ৰাত প্ৰায় ২৭ কোটি ৯১লাখ ৫৪ হেজাৰ ৪০০ টকা হ’ব এই চুৰি সামগ্ৰীৰ পৰা আয় কৰা ধন । এই চুৰি কাণ্ডৰ বাবে আদালতে কিমক চাৰে চাৰি বছৰৰ কাৰাদণ্ডৰ তথা ২৭ কোটি ৯১ লাখ ৫৪ হেজাৰ ৪০০ টকাৰ জৰিমনা আদায়ৰ নিৰ্দেশ দিয়ে ।

Exit mobile version