বিদ্যুতৰ নাটনিত স্তব্ধ বাণিজ্য নগৰী মুম্বাই

WhatsApp Image 2020 10 12 at 3.50.42 PM

বিদ্যুতৰ সৰবৰাহ বন্ধ হৈ আজি পুৱাতো বিদ্যুতৰ নাটনি দেখা গ’ল মুম্বাইৰ বিস্তীৰ্ণ অঞ্চলত । যাৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হয় মুম্বাইবাসী । যাৰ পৰিপ্ৰেক্ষিতত বাণিজ্য নগৰী মুম্বাইত লাহে লাহে যান্ত্ৰিকৰ সমস্যাই দেখা দিয়ে । ইফালে মুম্বাই, থানে, নবি মুম্বাই আৰু মুম্বাইৰ ১০ টা বিভিন্ন অঞ্চলত কিছুসময়ৰ কাৰণে বিদ্যুতৰ নাটনিয়ে দেখা দিয়ে ।

আনহাতে জুহু, আন্ধেৰী, মিৰা ৰোজ, নবি মুম্বাইকে ধৰি বহু অঞ্চলত বিদ্যুতৰ নাটনিৰ প্ৰভাৱ বাৰুকৈয়ে পৰে । এই সন্দৰ্ভত মুম্বাইৰ ইলেকট্ৰিক চাপ্লাই এণ্ড ট্ৰান্সপোৰ্টৰ পৰা জনোৱা হৈছে যে টাটাৰ ইনকামিং ইলেকট্ৰিক চাপ্লাই ব্যাহত হোৱাৰ কাৰণে বিদ্যুতৰ নাটনি দেখা গৈছে ।

এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ বিদ্যুত বিভাগৰ মন্ত্ৰী নিতিন ৰাউতে কয় যে, “আমাৰ বিভাগীয় কৰ্মীসকলে ইতিমধ্যে যাৱতীয় কাম-কাজ কৰি আছে গতিকে অনতিপলমে এই সমস্যাৰ সমাধান হ’ব  ৷” লগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উৰ্দ্ধৱ থাকৰেও এই সমস্যাৰ সমাধান হোৱাৰ আশ্বাস প্ৰদান কৰে ।

বিদ্যুতৰ কাৰণে মুম্বাইবাসীৰ চলাচলতো ব্যাপক প্ৰভাৱ পৰিছে । বহু ঠাইত ইতিমধ্যে ৰেল বাতিল কৰা হৈছিল যদিও মায়ানগৰীখনৰ কিছু ঠাইত পুনৰ বিদ্যুতৰ সংযোগ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে মুম্বাইবাসীয়ে ৷

Exit mobile version