ৰঞ্জন দৈমাৰী  মুক্ত আকাশৰ তললৈ আহিব নোৱাৰাটো দুৰ্ভাগ্যজনকঃ অঞ্জালী  দৈমাৰী

20201012 123353

“তৃতীয় বড়ো শান্তি চুক্তি  অনুসৰি এন ডি এফ বি নেতা ৰঞ্জন দৈমাৰীকে ধৰি সকলো কাৰাৰুদ্ধ  এন ডি এফ বি ৰ নেতা সদস্য  মুকলি আকাশৰ তললৈ আহিব লাগিছিল ৷ কিন্তু সেয়া হৈ নুঠাটো অত্যন্ত দুৰ্ভাগ্যজনক ৷ অৱশ্যে  কৰ’না মহামাৰীৰ বাবে  আদালতৰ কামকাজত স্থবিৰতা অহাৰ বাবেও এই প্ৰক্ৰিয়াত অসুবিধাৰ সৃষ্টি হৈছে ৷ আমি সকলো নেতা কৰ্মী কাৰাগাৰৰ পৰা ওলাই অহাটো বিচাৰো ৷ তেতিয়াহে  বড়ো চুক্তিক মৰ্যদা দিয়া হ’ব ৷” আজি বাক্সা জিলাৰ বাগানপাৰাত  অনুষ্ঠিত বি পি এফৰ এখন নিৰ্বাচনী সভাত  অংশ লৈ এইদৰে কয় নাৰী  মানৱাধিকাৰ কৰ্মী  তথা বিপিএফত চামিল হোৱা নেত্ৰী অঞ্জালী দৈমাৰীয়ে ৷

বাগানপাৰাত অনুষ্ঠিত  আজিৰ  মহিলা সমাৰোহত  দৈমাৰীয়ে লগতে কয় যে  সাম্প্ৰতিক সময়ত মহিলাসকল  সামাজিক আৰু ৰাজনৈতিকভাবে সচেতন হ’ব লাগিব ৷  ইয়াৰ পাছত  তেওঁলোকক  অৰ্থনৈতিকভাবে  স্বাৱলম্বী কৰাৰ ব্যৱস্থা কৰিব লাগিব ৷ নিৰ্বাচনৰ আগমুহুৰ্তত আমি  কাৰোবাক বেয়া পাওঁ বুলিয়ে সমালোচনা কৰিলে নহ’ব  ৷ প্ৰকৃত কাৰণ উলিয়াব লাগিব ৷ কাৰণ  মহিলাসকলে  সমাজৰ গুৰি বঠা নিয়ন্ত্ৰণ কৰি থাকে ৷ গতিকে মহিলাসকলে সঠিক দিশত আগবাঢ়িব লাগিব ৷

দৈমাৰীয়ে কয়, “ভাৰত স্বাধীন হোৱাৰ ৭৪ বছৰ হোৱাৰ সময়ত বিটিচিৰ মহিলাসকলৰ  আজি পৰ্যন্ত উন্নতি হোৱা নাই  ৷ অৱশ্যে বিপিএফ দলে  মহিলাসকলৰ আৰ্থিক উন্নয়ণত যথেষ্ট গুৰুত্ব দিছে ৷” দৈমাৰীয়ে কয়, “আগতে মই  অৰাজনৈতিকভাবে মানৱ অধিকাৰৰ হকে কাম কৰিছিলো  ৷ কিন্তু আজি মই ৰাজনৈতিকভাবে  এই সংগ্ৰাম অব্যাহত ৰাখিম ৷”

আনহাতে বিপিএফৰ   সাধাৰণ  সম্পাদক  প্ৰবীন বড়োই কয়, BJP আৰু বি পি এফৰ মাজত কোনো ধৰণৰ সংঘাত হোৱা নাই ৷ বি পি এফ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বি জে পিলৈ যাব পাৰে কিন্তু   সাংসদ বিশ্বজিৎ  দৈমাৰী কেতিয়াও বি জে পি লৈ নায়ায় ৷ ২০২১ চনলৈ বি জে পি আৰু বি পি এফৰ মিত্ৰতা অক্ষুন্ন থকাৰ কথা উল্লেখ কৰি ৰাজনৈতিক উত্থানৰ কাৰণে প্ৰত্যেক দলে নিজৰ নিজৰ দৃষ্টিভংগীৰে আগবাঢ়িব বুলি মন্তব্য কৰে প্ৰবীন বড়োই ৷

Exit mobile version