ইন্টাৰকাষ্ট বিজ্ঞাপনৰ ভিডিঅ’ প্ৰস্তুত কৰি শলঠেকত জনপ্ৰিয় জুৱেলাৰী ব্ৰেণ্ড “তানিস্ক”

WhatsApp Image 2020 10 13 at 6.29.19 PM

টাটা গ্ৰুপৰ জনপ্ৰিয় জুৱেলাৰী ব্ৰেণ্ড “তনিস্ক” সম্প্ৰতি বিতৰ্কৰ আৱৰ্তত  ৷ “তনিস্ক”ক ছ’চিয়েল মিডিয়াত বিভিন্ন সমালোচনাৰে থকা সৰকা কৰিছে সমালোচকসকলে ৷ দৰাচলতে, সম্প্ৰতি উৎসৱৰ বতৰ । এই সময়তে তনিস্কে জুৱেলাৰী প্ৰমোচনৰ কাৰণে এটা নতুন বিজ্ঞাপনৰ মুক্তি দিছে ৷ এই বিজ্ঞাপনটোত ইন্টাৰকাষ্ট বিবাহ দেখুওৱা হৈছে ।

বিজ্ঞাপনটোত এগৰাকী হিন্দু যুৱতীয়ে এজন মুছলমান যুৱকৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা দেখুওৱা হৈছে । ইয়াৰ পাছতে তনিস্ক সমালোচনাৰ সন্মুখীন হয় । টুইটাৰত #Boycott Tanishq বুলি সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷ অৱশ্যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সম্প্ৰতি হোৱা বিতৰ্কৰ কাৰণে ইউ টিউবৰ পৰা ইন্টাৰকাষ্টৰ ভিডিঅ’টো আঁতৰাই দিয়ে তানিস্কে ৷

https://twitter.com/beastoftraal/status/1315848777123598337?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1315848777123598337%7Ctwgr%5Eshare_0&ref_url=https%3A%2F%2Fwww.ndtv.com%2Findia-news%2Fafter-boycotttanishq-trend-shashi-tharoor-asks-why-dont-they-boycott-india-2309248

ভিডিঅ’টোত দেখুওৱা বিবাহখনত এগৰাকী হিন্দু যুৱতীৰ মুছলমান পৰিয়াললৈ বিয়া হয় । ইয়াৰ পাছত অন্তসত্তা যুৱতীগৰাকীৰ কাৰণে অনুষ্ঠিত কৰা অনুষ্ঠানত সকলো ৰীতি নীতি হিন্দুৰ ধৰ্মৰে কৰা হয় । অনুষ্ঠানৰ শেষত যুৱতীগৰাকীয়ে শাহুৱেকক প্ৰশ্ন কৰে “মা এইসমূহ ৰীতে নীতি আপোনাৰ ঘৰত কেতিয়াও হোৱা নাই ন ?’ এই কথাত যুৱতী গৰাকীৰ শাহুৱেকে কয় “নিজৰ ছোৱালীক সুখী কৰিবলৈ এনেধৰণৰ ৰীতি-নীতি সকলো ঘৰতে অনুষ্ঠিত হয়।”

ভিডিঅ’টিত হিন্দু-মুছলিম সকলো একত্ৰিত হোৱাটো দেখুওৱা হয় । সম্প্ৰতি ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টি সমালোচনাকাৰী সকলৰ কাৰণে অন্যতম বিষয় হৈ পৰিছে । আৰু সকলোৱে বিজ্ঞাপনটোক লাভ জেহাদক উচতনি দিয়া বুলি অভিযোগ কৰিছে  ৷ একাংশ সমালোচনাকাৰীৰ প্ৰশ্ন “কোনো ধৰণৰ জাতি ধৰ্ম নেদেখুৱাই এটা বিজ্ঞাপন নিৰ্মাণ কৰিব নোৱাৰি নেকি?”

আনহাতে কংগ্ৰেছ নেতা শশী থাৰুৰেও এই বিজ্ঞাপনটো বিৰোধ কৰি বিজ্ঞাপনটোক বয়কট কৰাৰ দাবী কৰিছে ৷ ইয়াৰ পৰিৱৰ্তে বহু জনপ্ৰিয় বলীউডৰ অভিনেতা অভিনেত্ৰীয়ে তানিস্ককৰ ভিডিঅ’টোক সমৰ্থন কৰিছে ৷

https://twitter.com/ShashiTharoor/status/1315833504253374464?s=20

Exit mobile version