জনজন এণ্ড জনছনে স্থগিত কৰিলে কৰ’না ভাইৰাছৰ ভেকচিন পৰীক্ষণঃ কিন্তু কিয়?

WhatsApp Image 2020 10 13 at 12.16.17 PM

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যাই চাৰি কোটি অতিক্ৰম কৰিলে ৷ তেনে পৰিপ্ৰেক্ষিতত কৰ’নাৰ ভেকচিনৰ কাৰণে বিভিন্ন দেশত পৰীক্ষণ অব্যাহত ৰাখিছে বিজ্ঞানীসকলে ৷ ইয়াৰ মাজতে আমেৰিকাৰ ভেকচিন নিৰ্মাণকাৰী কোম্পানী জনছন এণ্ড জনছনে কৰ’নাৰ ভেকচিন পৰীক্ষণ প্ৰক্ৰিয়াটো স্থগিত কৰিছে ।

কোম্পানীটোৱে কয় যে, তেওঁলোকে কৰ’না ভেকচিন পৰীক্ষণৰ প্ৰক্ৰিয়াটো অস্থায়ীৰূপত স্থগিত কৰিছে ৷ কাৰণ পৰীক্ষণত ভাগ লোৱা এগৰাকী ব্যক্তি অসুস্থ হৈ পৰিছে ৷ কোম্পানীটোৱে লগতে কয়, “আমি ক’ভিড ১৯ ভেকচিনৰ পৰীক্ষণত ভাগ লোৱা ব্যক্তিসকলক সম্প্ৰতি ভেকচিন নিদিও। পৰীক্ষণৰ সময়ত এগৰাকী ব্যক্তি অসুস্থ হোৱাৰ কাৰণে এই সিদ্ধান্ত লোৱা হৈছে ৷”

উল্লেখযোগ্য যে সমগ্ৰ বিশ্বত প্ৰায় ১৮০খন দেশত কৰ’নাই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে ৷ বিশ্বত কৰ’নাত আক্ৰান্তৰ সংখ্যা প্ৰায় ৩.৭৪ কোটি  ৷ মৃত্যু হৈছে ১০.৭৬ লাখ ৷ সুস্থ হৈছে ২.৬০ কোটি লোক ।

Exit mobile version