তলাবন্ধত ভাৰতত বৃদ্ধি পালে শিশু সৰবৰাহ

WhatsApp Image 2020 10 13 at 12.44.59 PM

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত কেন্দ্রীয় চৰকাৰে যােৱা মাৰ্চৰ অন্তিমভাগত দেশজুৰি তলাবন্ধ ঘােষণা কৰিছিল । ৰাষ্ট্ৰীয় সংবাদপত্র ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ অনুসন্ধানমূলক এক প্রতিবেদনত প্রকাশ পােৱা তথ্য অনুসৰি তলাবন্ধৰ সময়ছােৱাত বহু লােকে কর্মসংস্থাপন হেৰুৱাইছিল আৰু বহু পৰিয়াল চৰম দাৰিদ্ৰৰ সন্মুখীন হৈছিল ।

ইয়াৰ ফলত ভাৰতত শিশু সৰবৰাহৰ ঘটনা যথেষ্ট বৃদ্ধি পায় বুলি সংবাদপত্ৰখনে প্রকাশ কৰিছে । তলাবন্ধৰ সময়ত শিশুক বেআইনী কাম-কাজত নিয়ােগ কৰা আৰু কম বয়সতে বিবাহ সম্পন্ন কৰাৰ ঘটনা সংঘটিত হৈছিল বুলি সংবাদপত্ৰখনে প্রস্তুত কৰা প্রতিবেদনত উল্লেখ কৰিছে ।

মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ে আৰম্ভ কৰা চাইল্ড হেল্পলাইন নম্বৰ ১০৯৮ লৈ এই সময়ছােৱাত ২৭ লাখ ফোনকল আহিছিল । এই ফোন লাভ কৰি কর্মীসকলে এক লাখ ৯২ হেজাৰ ফোনকলৰ ক্ষেত্ৰত প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰিছিল । মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ৰ বিষয়াই লাভ কৰা তথ্য অনুসৰি যােৱা পাঁচ মাহত দেশত ১০ হেজাৰ বাল্য বিবাহ সম্পন্ন হােৱাৰ তথ্য পােৱা গৈছিল ।

মন্ত্রণালয় সূত্রই তলাবন্ধত দেশত শিশু সৰবৰাহৰ ঘটনা বৃদ্ধি পােৱাৰ কথা প্রকাশ কৰি কয়, ‘শিশু আৰু যুৱ প্রজন্ম সহজে অপৰাধীৰ জালত পৰে । এবাৰ সৰবৰাহৰ বলি হ’লে সেই ব্যক্তি নানা ধৰণৰ অন্যায়ৰ ভুক্তভােগী হয় । বহুতকে যৌন ব্যৱসায়ত জড়িত কৰােৱা হয়। আন বহুতকে আকৌ ভিক্ষা বৃত্তিত ব্যৱহাৰ কৰা হয় । একাংশক বলপূর্বক বিবাহাে সম্পন্ন কৰি দিয়া হয় ।

চাইল্ডলাইন ইণ্ডিয়া ফাউণ্ডেচনৰ কর্মীয়ে সৰবৰাহ হােৱা এনে বহু শিশুক তলাবন্ধৰ সময়ছােৱাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । তলাবন্ধত ৰাজস্থানত তিনিখন বাছৰ পৰা এইদৰে সৰবৰাহ চক্ৰৰ হাতৰ পৰা ১০টা শিশুক চাইল্ডলাইনে উদ্ধাৰ কৰিছিল । তলাবন্ধৰ সময়ত শিশুৰ অবৈধ সৰবৰাহ বৃদ্ধি পােৱাৰ অন্যতম এক কাৰণ আছিল এই সময়ছােৱাত বাটপথত মানুহৰ সংখ্যা তেনেই নগণ্য আছিল আৰু সেয়েহে সৰবৰাহকাৰী চক্রই সহজে শিশুক জালত পেলাবলৈ সফল হৈছিল ।

জনসমাগম তেনেই সীমিত হােৱা হেতুকে তলাবন্ধৰ সুযােগ লৈ সৰবৰাহকাৰী চক্রই শিশুক এখন ঠাইৰ পৰা আন ঠাইলৈ নানা প্রলােভনৰে সৰবৰাহ কৰাৰ লগতে বাল্য বিবাহৰ দৰে ঘটনাও সংঘটিত কৰিছিল । মহিলা আৰু শিশু কল্যাণ মন্ত্রণালয়ে ইতিমধ্যে দেশত শিশুৰ সৰবৰাহ ৰােধ বাবে ৰাজ্য চৰকাৰসমূহক কঠোৰ সতর্কতামূলক ব্যৱস্থা ল’বলৈ নির্দেশ দিছে ।

তলাবন্ধৰ পাছত এতিয়া দেশৰ বিভিন্ন উদ্যোগ আৰু কল-কাৰখানাসমূহ পুনৰ মুকলি কৰা হৈছে আৰু বৰ্তমানৰ সময়ত এনেবােৰ উদ্যোগত সস্তীয়া শ্ৰমিকৰ প্ৰয়ােজন হৈছে । এই দিশলৈ চাই উদ্যোগ আৰু কল-কাৰখানাই শিশু শ্রমিক নিয়ােগ কৰাৰ যথেষ্ট শংকা আছে । সেয়েহে আগন্তুক সময়ত দেশত শিশু সৰবৰাহৰ ঘটনা বৃদ্ধি পাব পাৰে বুলিও চাইল্ডলাইন ইণ্ডিয়াই শংকা প্রকাশ কৰিছে ।

Exit mobile version