বছৰ বছৰ ধৰি বিদ‍্যুত সংযোগহীন হৈ আছে চিৰাং জিলা জন সংযোগ বিষয়াৰ কাৰ্যালয়কে ধৰি কে’বাটাও কাৰ্যালয়

IMG 20201013 WA0032 1

চিৰাঙত জিলা জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ লগতে কে’বাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়ত নাই বিদ‍্যুত সংযোগ । যোৱা ২০১৮ৰ ১২ নৱেম্বৰত আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰা জনসংযোগ বিষয়াৰ কাৰ্যালয়ত আজিলৈ নহ’ল বিদ‍্যুত সংযোগ ।

অস্থায়ী ভাৱে অন্য কাৰ্যালয়ৰ পৰা বিদ‍্যুত সংযোগৰ ব্যৱস্থা কৰি কাৰ্যালয় চলাইছিল যদিও বিদ‍্যুত বিভাগে বেআইনী ভাৱে সংযোগৰ ব্যৱস্থা কৰাৰ বাবে কৰ্তন কৰিছে বিদ‍্যুত ।

এই উৎকট গৰমৰ মাজত বিদ‍্যুতহীন কাৰ্যালয়ত বহা সম্ভৱ নহয় আৰু বিদ‍্যুতহীন ভাৱে ডিজিটেল ইণ্ডিয়াৰ এই সময়ত কম্পিউটাৰ আদিৰে কাম কৰাও সম্ভৱ নহয়। সেয়ে জিলা সদৰৰ জিলা কেন্দ্ৰত থকা জনসংযোগ বিভাগৰ কাৰিকৰী বিভাগৰ সৰু কোঠা এটাতেই কাম চলাব লগীয়া হৈছে জিলা জনসংযোগ বিভাগৰ কাম সমূহ।

একেদৰেই জিলা বন সংমণ্ডল বিষয়া(ডিএফ অ)ৰ কাৰ্যালয় যোৱা ২০০৭তে মুকলি হয় যদিও বহু বছৰ ধৰি তাতো স্থায়ী ভাৱে কোনো বিদ‍্যুৎ সংযোগৰ ব‍্যৱস্থা নাছিল । সময়ে সময়ে অন্য কাৰ্যালয়ৰ পৰা বিদ‍্যুৎ সংযোগ কৰি কাম চলায় যদিও বিদ‍্যুৎ বিভাগে সেয়া কৰ্তন কৰে বাৰে বাৰে ।

অৱশেষত যোৱা মাহত প্ৰায় ৯ লাখ টকা ব‍্যয় কৰি বন বিভাগৰ কাৰ্যালয়টোত বিদ‍্যুৎ সেৱা লাভ কৰিছে স্থায়ী ভৱে । ইয়াৰোপৰি জিলা হস্ততাত আৰু বস্ত্ৰ শিল্প বিভাগৰ কাৰ্যালয়, জিলা কৃষি বিভাগৰ কাৰ্যালয়, জিলা সমবায় সমিতিৰ কাৰ্যালয়, জিলা নগৰ উন্নয়ন কাৰ্যালয়, জিলা নিৱনুৱা পঞ্জীয়ন কাৰ্যালয়, জিলা অৰ্থনৈতিক জোখ মাখ বিভাগৰ কাৰ্যালয়, জিলা সৰ্বশিক্ষা মিছন সমন্বয়কৰ কাৰ্যালয়, জিলা আবকাৰী বিভাগৰ কাৰ্যালয়, জিলা জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ কাৰ্যালয় আদি সকলোতে স্থায়ী বিদ‍্যুতৰ সংযোগ নথকাৰ বাবে একে ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে ।

বৰ্তমান বিদ‍্যুতৰ ব্যৱস্থা নথকাত জিলা কেন্দ্ৰৰ সৰু সৰু একোটা কোঠাতে কাম চলাবলগীয়া হৈছে । জিলা সদৰ কাজলগাঁও উচ্চ ক্ষমতাৰ (এচটি)বিদ‍্যুতৰ সেৱা আছে কিন্তু ঘৰুৱা বিদ‍্যুত সেৱা(এলডি) নাই । এই সেৱা নথকাৰ বাবে পোনে পোনে একো একোটা বিভাগৰ কাৰ্যালয়ত এচ টি লাইনৰ পৰা পৃথক ট্ৰান্সফৰ্মাৰ লৈহে বিদ‍্যুত সংযোগৰ ব্যৱস্থা কৰিবলগীয়া হৈছে ।

পৃথকে ট্ৰান্সফৰ্মাৰ ল’বলগীয়া হলে একো একোটা কাৰ্যালয়ত নিম্নতম ৫-৮ লাখ টকা খৰচ হব। সেয়া সকলো বিভাগে বহন কৰাৰ ক্ষমতাও নাই । কাৰ্যালয় সমূহৰ গৃহনিৰ্মাণৰ পিছতে গড়কাপ্তানি বিভাগৰ বিদ‍্যুত শাখা কোকৰাঝাৰৰ পৰা বিদ‍্যুতৰ যোগান ধৰিব লাগিছিল যদিও কাৰ্যালয়টোৰ হেমাহিৰ বাবে বছৰ বছৰ ধৰি বিদ‍্যুত সংযোগ নোহোৱাকৈ চলিছে এই সমূহ বৃহৎ তথা গুৰুত্বপূৰ্ণ কাৰ্যালয়। ইপিনে জিলা পৰিবহন বিভাগৰ কাৰ্যালয়তো বিদ‍্যুতৰ সংযোগ আছিল যদিও লক্ষাধিক টকাৰ বিদ‍্যুতৰ বিল বিটিচিয়ে পৰিশোধ নকৰাৰ বাবে বিদ‍্যুত সেৱা কৰ্তন কৰিছে বিভাগীয় ভাৱে ।

বিদ‍্যুত সেৱা নথকা কাৰ্যালয় সমূহত স্বাভাৱিকতেই এই উৎকট গৰমত কৰ্মচাৰী সকলৰ উপস্থিতি কম হয় আৰু ডিজিটেল ইণ্ডিয়াৰ এই সময়ত অধিকাংশ কাম যিহেতু অনলাইন কৰিব লগীয়া হয় সময়ত বিদ‍্যুত নথকা বাবে সেয়াও হৈ নুঠে । যাৰ বাবে সাধাৰণ জনতাইহে এই ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে ।

সেয়ে ভূক্তভোগী জনতাৰ লগতে সংশ্লিষ্ট কাৰ্যালয় সমূহৰ বিষয়া কৰ্মচাৰী সকলেও অতি সোনকালে বিদ‍্যুত সংযোগৰ ব‍্যাৱস্থা কৰাৰ বাবে অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

Exit mobile version