ভাৰতলৈ হুংকাৰ চীনৰ

WhatsApp Image 2020 10 13 at 5.11.37 PM

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত চীন সীমান্তত ৪৪ খন নতুন দলং নিৰ্মাণ কৰাৰ প্ৰসংগত চীনে ভাৰতলৈ দিছে তীব্ৰ হুংকাৰ৷

চীনে কয় যে তেওঁলোকে লাডাখক কেন্দ্ৰীয় শাসিত বুলি মানি নলয় কাৰণ ভাৰতে লাডাখক অবৈধভাৱে কেন্দ্ৰীয় শাসিত হিচাপে ঘোষণা কৰিছে ৷

চীনে লগতে কয় যে সীমান্তত ভাৰতৰ নিৰ্মাণ কাৰ্যকো তেওঁলোকে বিৰোধ কৰিছে ।ইফালে চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ প্ৰবক্তা ঝাও লিজিয়নে সীমান্তৰ নিৰ্মাণ কাৰ্যসমূহে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে বুলিও সদৰী কৰে ৷লগতে তেওঁ কয় “কোনো এটা পক্ষই এনেধৰণৰ কোনো কাম কৰিব নালাগে যাৰ দ্বাৰা তেওঁলোকৰ মাজত উত্তেজনা বৃদ্ধি হয় ৷”

আনহাতে চীনে কেতিয়াও লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল বুলি মানি নলয় ।গতিকে অৰুণাচল প্ৰদেশকো ভাৰতে অবৈধভাৱে স্থাপন কৰিছে ৷সহমতিৰ অবিহনে ভাৰত চীনৰ দুয়োপক্ষই সীমান্তত উত্তেজনা বৃদ্ধি পোৱা কোনো পদক্ষেপ হাতত ল’ব নালাগে ।কাৰণ ইয়াৰ দ্বাৰা সুস্থিৰ পৰিবেশো অৱনতি হোৱাৰ আশংকা থাকে ৷এই দৰে কয় চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ প্ৰবক্তা ঝাও লিজিয়নে।

উল্লেখযোগ্য যে ভাৰত চীন সীমান্তৰ মাজত উত্তেজনা প্ৰতিদিনি বৃদ্ধি পাইছে ৷তাৰ মাজতে সোমবাৰে ভাৰত আৰু চীন দুয়োখন দেশৰ মাজত সমাধান সূত্ৰ বিচাৰি অনুষ্ঠিত হয় সপ্তমলানি আলোচনা।

এই আলোচনাত প্ৰথমবাৰৰ বাবে উপস্থিত আছিল চীনৰ মন্ত্ৰণালয়ৰ বহু উচ্চ পৰ্যায়ৰ বিষয়া।এই আলোচনাত চীনৰ মন্ত্ৰণালয়ৰ বহু বিষয়া উপস্থিত থাকিবলগীয়ালৈ চাই আলোচনাই নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে।

Exit mobile version