ক’ভিডৰ বিদায়োৎসৱ পতা চেক গণৰাজ্যৰ অৱস্থা তথৈবচ
ফ্লুৰ বতৰ আহিলে কৰ’না ভাইৰাছৰ সংক্রমণ বাঢ়িব বুলি আগতেই আশংকা কৰা হৈছিল । অথচ তাৰ আগতেই দ্বিতীয় সংক্ৰমণৰ লহৰে খুন্দা মাৰিলেহি ইউৰােপত। বৰঞ্চ মহাদেশখনৰ কিছু দেশত সংক্রমণৰ হাৰ আগৰ বাৰৰ তুলনাত বেছি দেখা গৈছে । আনকি প্রশাসনৰ তৰফৰ পৰা কোৱা হৈছে, “বিপদঘণ্টা ইতিমধ্যে বাজিছেই।”
শেহতীয়াকৈ পৰিস্থিতি ইমান জটিল হৈ পৰিছে যে ইউৰােপৰ দেশসমূহৰ কোনাে কোনাে স্থানত ভৰি পৰিছে আইচিইউৰ শয্যা । চলিত সপ্তাহতে মাদ্রিদত জৰুৰী অৱস্থা ঘােষণা কৰিছে স্পেইন প্রশাসনে । অন্যান্য অঞ্চলতাে কঠোৰতা আৰম্ভ হৈছে । হটস্পট চিহ্নিত কৰাৰ বাবে সেনাবাহিনীৰ সাহায্য বিচাৰিছে জার্মান চৰকাৰে। বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰিবই লাগিব বুলি ইটালীত নতুনকৈ নির্দেশনা জাৰি কৰা হৈছে ।
চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে এই প্রথম কোনাে অতিমাৰীত ইউৰােপৰ ভৰকেন্দ্ৰত পৰিণত হ’ল ইটালী । হাস্পতালসমূহত ৰােগীৰ ভিৰ ইমানেই বেছি যে তেওঁলােকক চম্ভালিবলৈ চিকিৎসক-স্বাস্থ্য কর্মীৰ গতি নােহােৱা অৱস্থা হৈছে । এই সপ্তাহতে ৰোমত পৰিলক্ষিত হ’ল এক আশংকাজনক পৰিস্থিতি । উপসর্গ থকাৰ বাবে ক’ভিড পৰীক্ষা কৰাবলৈ অহা ৰােগীয়ে সাত-আঠ ঘণ্টা ধৰি দীঘলীয়া শাৰীত অপেক্ষা কৰিবলগীয়া হৈছে ।
পেৰিছ আৰু কিয়েভত চিকিৎসক-স্বাস্থ্য কর্মীসকলৰ অৱস্থা দুর্বিসহ হৈ পৰিছে। ক’ভিড-১৯ ৰােগীয়ে গিজগিজাই আছে বিভিন্ন চিকিৎসালয়ৰ কক্ষ, অথচ স্বাস্থ্যকর্মীৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা।
উল্লেখ্য যে যােৱা জুনত ‘ফেয়াৰৱেল ক’ভিড পার্টি’ৰ আয়ােজন কৰি কৰ’নাক বিদায় দিছিল চেক গণৰাজ্যই। চার্লছ ব্রীজৰ সমীপত পাঁচশ মিটাৰ অঞ্চলজুৰি দেশখনৰ ৰাজধানী প্ৰাগৰ নিবাসীসকলে কৰনাৰ পৰা মুক্তিৰ আনন্দত উৎসৱত মতলীয়া হৈ পৰিছিল । এতিয়া ইউৰােপৰ দেশসমূহৰ ভিতৰত চেক গণৰাজ্যৰ অৱস্থা অতিশয় জটিল ।
দেশখনৰ গাইপতি সংক্ৰমণৰ হাৰ ইউৰােপৰ আন দেশসমূহৰ ভিতৰত সবাতােকৈ বেছি। এক লাখ বাসিন্দাৰ ভিতৰত ৩৯৮জনেই সংক্রমিত হৈছে। স্পেইনৰ এগৰাকী বিশেষজ্ঞ মার্গাৰিটা ডেল ভালে এই সন্দৰ্ভত আক্ষেপ কৰি কয়, যথেষ্ট সতর্ক কৰা হৈছিল। হাতত সংক্রমণ ৰােধৰ বাবে প্রয়ােজনীয় সময়ো আছিল। কিন্তু সেয়া কৰা নহ’ল। গৰমত আৰম্ভ হােৱা সংক্রমণেই চম্ভালিব পৰা নগ’ল, এতিয়া আকৌ দ্বিতীয় সংক্ৰমণৰ লহৰ আহি উপস্থিত হৈছে ।
জটন্স হপকিন্স বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা জনােৱা হয় যে দৈনিক গাইপতি সংক্ৰমণৰ হাৰ এতিয়া আমেৰিকাতকৈ বেছি বেলজিয়াম, নেদাৰলেণ্ড, ব্রিটেইন, স্পেইন আৰু ফ্রান্সত। সম্প্রতি ফ্রান্স চৰকাৰৰ তৰফৰ পৰা জনােৱা হৈছে যে প্রথমবাৰৰ তুলনাত এইবাৰ দৈনিক সংক্রমণৰ হাৰ বেছি।
আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ ইউৰােপৰ কাৰ্যালয়ৰ মুৰব্বী ৰব বাটলাৰে কয়, ‘বিগত ২৪ ঘণ্টাত ৯৮ হেজাৰ লােক সংক্রমিত হৈছে। ইউৰােপত এয়া অভিলেখ।’ ইপিনে, ‘লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰ’ পিকেল মেডিচিন’ৰ বিশেষজ্ঞ মার্টিন মেকীয়ে কয়, ‘চিন্তাৰ বিষয় এয়াই যে এতিয়াও ইউৰােপৰ বহু দেশতেই ব্যাপক ৰূপত কৰনাৰ পৰীক্ষা হােৱা নাই। আক্রান্তক চিহ্নিত কৰা, তেওঁক কোৱাৰেণ্টাইনত ৰখাৰ দৰে আন্তঃগাঁথনিৰাে অভাৱ আছে।