কন্যাৰ ওপজা দিনত পুথিভঁৰালত গ্ৰন্থদান পশ্চিম নলবাৰীৰ এহাল লেখক দম্পতীৰ

11

একমাত্ৰ কন্যাৰ ওপজা দিন ব্যতিক্ৰমী ৰূপত পালন কৰি পুথিভঁৰাললৈ কিতাপৰ টোপোলা অৰ্পণ কৰি চৰ্চালৈ আহিছে পশ্চিম নলবাৰীৰ এহাল লেখক দম্পতী ৷ লেখক দম্পতীয়ে এনেদৰে নিজৰ প্ৰথম তথা একমাত্ৰ কন্যাৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি পুথিভঁৰালত গ্ৰন্থদান কৰা কাৰ্যক শিক্ষাৰ ‘নৱদ্বীপ’ খ্যাত নলবাৰী জিলাৰ বিদ্বৎ আৰু সচেতন মহলে সহৃদয়তাৰে শলাগে  ৷ একমাত্ৰ কন্যা চানভি (জীউ) কাশ্যপৰ চতুৰ্থ সংখ্যক ওপজা দিনত আজি নলবাৰী জিলাৰ বিহামপুৰস্থিত ‘প্ৰেৰণা পুথিভঁৰাল’লৈ কিতাপৰ টোপোলা আগবঢ়ায় নলবাৰীৰ লেখক দম্পতী নীলিম আকাশ কাশ্যপ আৰু বৰ্ণালী শৰ্মা বশিষ্ঠই ৷

অসমৰ এটা অন্যতম জনপ্ৰিয় আৰু বৃহৎ ৰাজহুৱা পুথিভঁৰাল ‘প্ৰেৰণা’ত অনুষ্ঠিত অনুস্থানত ‘সোণৰ খাৰু কলিজাৰ ছাঁ’, ‘লাজ’, ‘জোনাকৰ পখী উৰে’ আদি উপন্যাসৰ স্ৰষ্টা যুৱ ঔপন্যাসিক নীলিম আকাশ কাশ্যপৰ লগতে লেখিকা বৰ্ণালী শৰ্মা বশিষ্ঠৰ উপস্থিতিত কণমানি চানভি জীউৱে নিজহাতে প্ৰেৰণা পুথিভঁৰালৰ তত্বাবধায়ক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ হাতত কিতাপৰ টোপোলাটো অৰ্পণ কৰে

‘জীউৰ জন্মদিনত আমি প্ৰতিবছৰে কিতাপ বিভিন্ন পুথিভঁৰাললৈ আগবঢ়োৱাৰ কথা ভাবিছোঁ ৷’ এইদৰে উল্লেখ কৰে লেখক দম্পতী কাশ্যপ আৰু বশিষ্ঠই সকলো অভিভাৱককে সন্তানক বাহিৰা কিতাপো পঢ়াৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ আহ্বান জনায় ৷ প্ৰায় পাঁচ হাজাৰ মূল্যৰ কিতাপ কন্যাৰ ওপজা দিনত পুথিভঁৰালটোলৈ আগবঢ়োৱা বুলি জনায় ‘প্ৰেৰণা পুথিভঁৰাল’ৰ পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই৷ গ্ৰন্থ প্ৰদান অনুষ্ঠানটোত নীলিম আকাশ কাশ্যপ, বৰ্ণালী শৰ্মা বশিষ্ঠ, দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ লগতে সুশীল মালাকৰ, বনজিৎ ডেকা, পিনাক পাণি বশিষ্ঠ, নীলোৎপল তালুকদাৰ, চানভি (জীউ) কাশ্যপ, অংকুৰ তালুকদাৰ, শুভ্ৰজ্যোতি শৰ্মা, গগন দাস, ধ্ৰুৱ বৰ্মন, তৃষা মধুকল্য, ভিতালি ডেকা, কাকলি বৰ্মন, চুমি বৰ্মন আদিকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে ৷

আনহাতে, একেটা অনুষ্ঠানতে উদীয়মান কবি পিনাক পাণি বশিষ্ঠয়ো তেওঁৰ প্ৰকাশিত কাব্য সংকলন ‘প্ৰথম খোজ’ ইয়াৰ পৰা নাতিদূৰৰ বিহামপুৰস্থিত ‘প্ৰেৰণা পুথিভঁৰাল’লৈ আগবঢ়ায় ৷ জানিব পৰা মতে লেখক দম্পতীহালে আজি একমাত্ৰ কন্যা চানভি (জীউ) কাশ্যপৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি পশ্চিম নলবাৰীৰ সমন্বয় পুথিভঁৰাললৈও সহস্ৰাধিক অৰ্থমূল্যৰ আন এটা কিতাপৰ টোপোলা আগবঢ়ায় ৷

 

Exit mobile version