জনসাধাৰণৰ স্বাৰ্থত কলিকতাৰ বাৰোৱাৰী দুৰ্গা পূজা বাতিল কৰিবলৈ আহ্বান

WhatsApp Image 2020 10 14 at 7.49.07 PM

দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন । তাৰ মাজতে কলকাতাৰ বাৰোৱাৰী দুৰ্গা পূজা বন্ধ কৰাৰ দাবীৰে কলকাতাৰ উচ্চ ন্যায়ালয়ৰৰ কাষ চাপিছে অধিবক্তা সব্যসাচী চট্টোপাধ্যায় ৷ চট্টোপাধ্যায়ৰ মন্তব্য যে কৰ’নাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সময়তে দুৰ্গা পূজা অনুষ্ঠিত কৰিলে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাব ।

ইফালে উৎসৱৰ সময়ত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে বুলি আগতীয়াকৈ আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে । এই সময়তে ক’ভিড প্ৰতিৰোধী সকলো নীতি নিয়ম মানি চলি দেশৰ জনগনক দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ আহ্বান কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৷ আনহাতে মহালয়াৰ সময়ত হোৱা জনসাধাৰণৰ ভিৰলৈ লক্ষ্য কৰি আৰু অধিক আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে ৷

এনে পৰিস্থিতিতে কলকাতাৰ বাৰোয়াৰি দুৰ্গা পূজাক চলিত বৰ্ষত বন্ধ কৰাৰ দাবী উত্থাপন হ’ল কলকাতা উচ্চ ন্যায়ালয়ত । এই সন্দৰ্ভত বৃহস্পতিবাৰে শুনানি হ’ব । আনহাতে অতিমাৰী কৰ’নাৰ সময়ত অনুষ্ঠিত কৰা দুৰ্গা পূজাৰ কাৰণে বিভিন্ন নিয়ম বান্ধি দিছে ৰাজ্য চৰকাৰে ৷বিভিন্ন ঠাইত ইতিমধ্যে পূজাৰ প্ৰস্তুতি আৰম্ভ হৈছে । ইয়াৰ বিপৰীতে বাঢ়িছে কৰ’নাৰ সংক্ৰমণ ।

ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ মতে মংগলবাৰ পৰ্যন্ত কলিকতাত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৩০ হাজাৰ ৯৮৮ জন । মৃত্যু হৈছে ৫ হাজাৰ ৭৪৪ জন। কলিকতাৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা । গতিকে দুৰ্গা পূজাৰ সময়ত আৰু অধিক লোক সংক্ৰমিত হোৱাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে ।

উল্লেখযোগ্য যে আবেদনকাৰী সকলে কৰ’নাৰ কাৰণে মহাৰাষ্টৰ গণেশ পূজা বাতিল কৰাৰ দৰে এইবাৰ কলিকতাতো দুৰ্গা পূজা বাতিল কৰিবলৈ আহ্বান জনায়।

Exit mobile version