জন্মদাতা পিতৃৰ দায়িত্ব লোৱাত অসন্মতি পুত্ৰৰ

Screenshot 13

বৃদ্ধ পিতৃৰ ভৰণ-পোষণৰ বাবে অস্বীকাৰ কৰা দুই পুত্ৰক কঠোৰ ভাষাৰে ধমক দিলে উচ্চতম ন্যায়ালয়ে । দিল্লীৰ বাসিন্দা দুই পুত্ৰৰ বিৰুদ্ধে বৃদ্ধ পিতৃক ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে । পিতৃৰ চোৱাচিতাৰ বাবে তেওঁলোকে এটকাও দিব নিবিচাৰে । পুত্ৰৰ এনে নিৰ্মম ব্যৱহাৰৰ বাবেই বাধ্য হৈ আদালতৰ দ্বাৰস্থ হৈছে অসহায় বৃদ্ধ পিতৃ ।

আদালতৰ সূত্ৰই জনোৱা মতে, দুই ভ্ৰাতৃয়েই বহুজাতিক কোম্পানীত শকত দৰমহাৰ চাকৰি কৰে । ইয়াৰ উপৰি কেৰলবাগৰ উক্ত বাসগৃহত সম্প্রতি ভাৰাতীয়াও আছে ।ইয়াৰ বাবদ দুই ভ্ৰাতৃয়ে মাহিলি ভাড়াও লাভ কৰে । অথচ সেই গৃহৰ পৰাই অসহায় বৃদ্ধ পিতৃক দুয়ো বিতাড়িত কৰিব বিচাৰিছে । কোনো উপায় নেদেখি যোৱা বছৰ লোকজনে ট্ৰিবুনেল ক’টৰ দ্বাৰস্থ হয়। তেতিয়াই আদালতে পিতৃৰ চোৱাচিতাৰ বাবে দুই পুত্ৰক মাহিলি সাত হেজাৰ টকা দিয়াৰ নিৰ্দেশ দিয়ে ।

কিন্তু এই ৰায়ক প্ৰত্যাহ্বান জনাই দুই পুত্ৰ দিল্লীৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । উচ্চ ন্যায়ালয়ে ট্ৰিবুনেল ক’ৰ্টৰ ৰায়ত স্থগিতাদেশ জাৰি কৰে । উপায়ান্তৰ হৈ বৃদ্ধই উচ্চতম ন্যায়ালয়ত আবেদন জনায় । এই গোচৰৰ শুনানি চলি থকাৰ সময়তে উচ্চতম ন্যায়ালয়ে বৃদ্ধৰ দুই পুত্ৰক কঠোৰ ভাষাৰে ভৰ্ৎসনা কৰে ।

এসপ্তাহৰ ভিতৰতে দুই পুত্ৰক উত্তৰ দিয়াৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে । ইফালে আজিৰ দিনত সাত হেজাৰ টকাত এজন লোকৰ মাহেকীয়া খৰচ বহন নহয় বুলি দাবী জনাইছে বৃদ্ধৰ অধিবক্তাই । এই যুক্তি প্ৰদৰ্শন কৰি অধিবক্তাই মাহিলি ভাট্টা ১০ হেজাৰলৈ বৃদ্ধি কৰাৰো আবেদন জনাইছে ।

Exit mobile version