বলপূৰ্বকভাৱে তানিস্কৰ কৰ্মচাৰীক লিখালে ক্ষমা পত্ৰ

WhatsApp Image 2020 10 14 at 5.02.49 PM

জুৱেলাৰী বেণ্ড তানিস্কৰ বিজ্ঞাপনক লৈ এতিয়াও সৰ্বত্ৰে বিতৰ্ক অব্যাহত আছে ৷ একাংশ টুইটাৰত বিজ্ঞাপনটোক বৰ্জন কৰিবলৈ কোৱাৰ লগতে আন একাংশই আকৌ আজি তানিস্কৰ এজন কৰ্মচাৰীক বিভিন্ন হুংকাৰ দিয়ে ৷

বিজ্ঞাপনটোক লৈ বিৰোধ বা বিতৰ্ক হৈ থকাৰ সময়তে গুজৰাটৰ গান্ধীধামৰ এটা কোম্পানীৰ তানিস্কৰ এখন দোকানত মেনেজাৰক বলপূৰ্বকভাবে একাংশ লোকে ক্ষমা পত্ৰ লিখিবলৈ বাধ্য কৰায় ।  সম্প্ৰতি আৰক্ষীয়ে সেই অঞ্চলত সুৰক্ষাৰ ব্যৱস্থা অধিক কটকটীয়া কৰিছে  ৷ এজন আৰক্ষী বিষয়াই কয় ‘একাংশ লোকক এই এডটোৱে তেওঁলোকৰ স্বাভিমানত আঘাত কৰিছে বুলি অভিযোগ কৰিছে । গতিকে লোকসকলে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷’

উল্লেখযোগ্য যে, উৎসৱৰ বতৰত তনিস্কে জুৱেলাৰী প্ৰমোচনৰ কাৰণে এটা নতুন বিজ্ঞাপনৰ মুক্তি দিছিল । এই বিজ্ঞাপনটোত ইন্টাৰকাষ্ট বিবাহ দেখুওৱা হৈছে।বিজ্ঞাপনটোত এগৰাকী হিন্দু যুৱতীয়ে এজন মুছলমান যুৱকৰ লগত বিবাহ পাশত আৱদ্ধ হোৱা দেখুওৱা হৈছে । ইয়াৰ পাছতে তানিস্ক সমালোচনাৰ সন্মুখীন হয়। টুইটাৰত #Boycott Tanishq বুলি সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷ অৱশ্যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সম্প্ৰতি হোৱা বিতৰ্কৰ কাৰণে ইউ টিউবৰ পৰা ইন্টাৰকাষ্টৰ ভিডিঅ’টো আঁতৰাই দিছে তানিস্কে ৷

https://twitter.com/pkt_india/status/1315493319003181057?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1315493319003181057%7Ctwgr%5Eshare_3&ref_url=https%3A%2F%2Ftheprint.in%2Findia%2Fboycotttanishq-trends-after-ad-on-hindu-muslim-marriage-accused-of-promoting-love-jihad%2F521805%2F

ভিডিঅ’টোত দেখুওৱা বিবাহখনত এগৰাকী হিন্দু যুৱতীৰ মুছলমান পৰিয়াললৈ বিয়া হয় । ইয়াৰ পাছত অন্তঃসত্তা যুৱতীগৰাকীৰ কাৰণে অনুষ্ঠিত কৰা অনুষ্ঠানত সকলো ৰীতি নীতি হিন্দুৰ ধৰ্মৰে কৰা হয় । অনুষ্ঠানৰ শেষত যুৱতীগৰাকীয়ে শাশুৱেকক প্ৰশ্ন কৰে “মা এইসমূহ ৰীতি নীতি আপোনাৰ ঘৰত কেতিয়াও হোৱা নাই ন’?”

এই কথাত যুৱতী গৰাকীৰ শাশুৱেকে কয় “নিজৰ ছোৱালীক সুখী কৰিবলৈ এনেধৰণৰ ৰীতি নীতি সকলো ঘৰতে অনুষ্ঠিত হয় ।” ভিডিঅ’টিত হিন্দু-মুছলিম সকলো একত্ৰিত হোৱাটো দেখুওৱা হয় । সম্প্ৰতি এই ভিডিঅ’টোক লৈয়ে তানিস্কক সমালোচনাৰ সন্মুখীন হোৱাৰ লগে একাংশ দল সংগঠন, ব্যক্তি বিশেষৰ কৰা হুংকাৰ লাভ কৰিছে ৷

Exit mobile version