১৫ অক্টোবৰৰ পৰা খুলিব ছবিগৃহ

WhatsApp Image 2020 10 14 at 3.27.50 PM

কৰ’না মহামাৰীৰ মাজতে ১৫ অক্টোবৰৰ পৰা পুনৰ মুকলি কৰিব ছবি গৃহসমূহ । কিন্তু কৰ’নাৰ পৰিপ্ৰেক্ষিতত ছবিগৃহসমূহত ৫০ শতাংশ আসনহে ব্যৱহাৰ কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিছে ৷ তাৰ মাজতে ১৫ অক্টোবৰ অৰ্থাৎ কাইলৈ বলিউডৰ বহু ছবি পুনৰ ছবিগৃহসমূহত প্ৰদৰ্শন কৰা হ’ব ৷ এই কথা ছ’চিয়েল মিডিয়াত সদৰী কৰিছে ছবি সমালোচক তৰুণ আদৰ্শই ৷

তৰুণ আদৰ্শই টুইটাৰ একাউণ্টত এটি প’ষ্ট শ্বেয়াৰ কৰিছে । তেওঁ উল্লেখ কৰিছে যে ছবিগৃহসমূহ খোলাৰ পাছত চলিত সপ্তাহত Tanhaji The Unsung Warrior, Shubh Mangal Zyada Saavdhan, Malang, সুশান্ত সিং ৰাজপুতৰ Kedarnath, Thappad আদি ছবিসমূহ মুক্তি পাব  ৷

উল্লেখযোগ্য যে খবৰ অনুসৰি বিবেক অৱেৰয় অভিনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিখনো ছবিগৃহত পুনৰ দৰ্শকৰ কাৰণে মুক্তি দিব ৷ এই ছবিখন ২০১৯ত ২৪ মে’ত মুক্তি লাভ কৰিছিল ।

ঠিক তেনেদেৰে অজয় দেৱগনৰ ‘Tanhaji The Unsung Warrior’ চলিত বৰ্ষৰ ১০ জানুৱাৰীত মুক্তি লাভ কৰিছিল । আনহাতে মলং ফ্ৰেব্ৰুৱাৰীত মুক্তি লাভ কৰিছিল ৷ আৰু ছাৰা আলি খান আৰু সুশান্ত সিং ৰাজপুতৰ অভিনীত কেডাৰনাথ ২০১৮ত মুক্তি লাভ কৰিছিল ।

Exit mobile version