এলঝাইমাৰত আক্ৰান্ত পত্নীক সন্মান জনাবলৈ ২৮২ খন পাহাৰ বগাব অশীতিপৰ বৃদ্ধই

Screenshot 16

পত্নী এলঝাইমাৰ ৰোগত আক্ৰান্ত । চিকিৎসকেও জনাবলৈ সক্ষম হোৱা নাই মহিলাগৰাকী প্ৰকৃততে আৰু কিমান দিন এই পৃথিৱীৰ আলহী হৈ থাকিব । এনে বিষম পৰিস্থিতিত পত্নীক সন্মান জনাবলৈ ২৮২খন পাহাৰত আৰোহণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিলে স্কটলেণ্ডৰ এজন বাসিন্দাই । তেওঁৰ নাম নিক গাৰ্ডেনাৰ ।

পাহাৰ বগোৱাৰ এই অভিযানৰ দ্বাৰা এলঝাইমাৰ ৰোগত আক্ৰান্তসকলৰ বাবে অৰ্থ সংগ্ৰহৰ উদ্দেশ্যও জড়িত হৈ আছে । নিক আৰু পত্নী জেনেট দুয়ো প্ৰকৃতি প্ৰেমী ।ইয়াৰ পূৰ্বেও দুয়োৱে পাহাৰ বগাইছে বহু কেইবাৰ । কিন্তু ‘অষ্ট্ৰিঅ’প’ৰুচিচ’ ৰোগত আক্ৰান্ত হোৱাৰ পৰা পাহাৰ বগোৱা কাৰ্য বন্ধ হৈ পৰে ।

ইয়াৰ পাছত এলঝেইমাৰত আক্ৰান্ত হয় জেনেটে । স্কটলেণ্ডৰ ‘মুনৰ’জ’ নামেৰে পৰিচিত ২৮২ খন পাহাৰ বগাব নিকে । এই কাৰ্যৰ দ্বাৰা ভাৰতীয় মুদ্ৰাত প্ৰায় ১০লাখ টকা সংগ্ৰহ কৰিব পাৰিব বুলি অনুমান কৰা হৈছে । সংগ্ৰহ কৰা এই ধন এলঝেইমাৰ ৰোগত আক্ৰান্ত সকলৰ মাজত বিতৰণ কৰা হ’ব ।

যোৱা এপ্ৰিলতে এই অভিযান আৰম্ভ কৰাৰ কথা আছিল; কিন্তু কৰ’নাৰ বাবে নিকে অভিযান স্থগিত ৰাখিবলৈ বাধ্য হয় । নিৰ্দিষ্ট সময়ৰ ভিতৰত অভিযান সম্পূৰ্ণ কৰিব বুলি ভাবিছে নিকে । বহুতে নিকৰ এই মহান উদ্দেশ্যক প্ৰশংসা কৰিছে ।

Exit mobile version