কেন্সাৰক প্ৰত্যাহ্বান জনাই অভিনেতা সঞ্জয় দত্তৰ মন্তব্য “মই কেন্সাৰক পৰাজয় কৰিহে এৰিম”

3af6f9eb 2766 454d bdcd a0b5e1021da0

মই মোৰ অসুখক পৰাজয় কৰিহে এৰিম। এটি ভিডিঅ’ৰ জৰিয়তে এই মন্তব্য কৰে সদ্যহতে কেন্সাৰত আক্ৰান্ত হৈ থকা বলীউডৰ অভিনেতা সঞ্জয় দত্তই ।সঞ্জয় দত্তৰ এই ভিডিঅ’টি শ্বেয়াৰ কৰিছে জনপ্ৰিয় হেয়াৰ ষ্টাইলিষ্ট আলিম হাকিমে ৷লগতে সঞ্জয়ক এই ভিডিঅ’টিত নতুন হেয়াৰ কাট লোৱাও দেখা গৈছে ।

সঞ্জয় দত্তই ভিডিঅ’টিত কৈছে “নমস্কাৰ মই সঞ্জয় দত্ত। পুনৰ চেলুনলৈ আহি ভাল লাগিল। মই চুলি কাটিছো।যদি আপুনি মোক দেখা পাইছে মই ক’ব বিচাৰিম যে মোৰ জীৱনলৈ নতুন প্ৰত্যাহ্বানৰ আগমন ঘটিছে। কিন্তু মই এই প্ৰত্যাহ্বানক পৰাজয় কৰিম ।মই কেন্সাৰ অসুখক অনতি পলমে পৰাজয় কৰিম ৷”

তদুপৰি অভিনেতা সঞ্জয় দত্তই নিজৰ প্ৰফেশ্যনেল কামৰ বিষয়ে কয় যে তেওঁ KGF Chapter 2 ছবিৰ কাৰণে দাড়ি বঢ়োৱাৰ কথাও সদৰী কৰি ৷ এই ছবিখনত অভিনেতা সঞ্জয়ে ভিলেইন “অধীৰা”ৰ চৰিত্ৰত অভিনয় কৰিছে। KGF ছবিৰ উপৰিও সঞ্জয়ৰ লগত আছে Torbazz,Bhuj:The Pride Of India and Shamshera আদি ।

শেহতীয়াকৈ সঞ্জয় দত্তৰ ছবি Sadak 2 য়ে মুক্তি লাভ কৰিছিল ।এই ছবিখনত আলিয়া ভাট্ট,আদিত্য ৰয় কাপুৰ আৰু পূজা ভাট্টে অভিনয় কৰিছিল। মহেশ ভাট্টৰ নিৰ্দেশনাত এই ছবিখনে ইউটিউবত ১২ মিলিয়নতকৈ অধিক ডিছলাইক লাভ কৰিঅ অভিলেখৰ সৃষ্টি কৰিছিল।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে সঞ্জয় দত্তৰ পত্নী মান্যতা দত্তই কয় যে তেওঁৰ পৰিয়ালে বহু প্ৰত্যাহ্বানক অতিক্ৰম কৰি জয়ী হৈছে ।তেওঁৰ বিশ্বাস এই প্ৰত্যাহ্বানো তেওঁলোকে হেলাৰঙে অতিক্ৰম কৰিব ৷ভগবানে তেওঁলোকক আকৌ এবাৰ পৰীক্ষাৰ লৈছে। লগতে মান্যতাই সঞ্জয়ৰ সকলো অনুৰাগীৰ পৰা আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰে।

Exit mobile version