গ্ৰেপ্তাৰৰ সম্ভাৱনা দেখি নিশাই অন্তৰ্ধান এছ পি সঞ্জীত কৃষ্ণৰ

Screenshot 10

প্ৰশ্নকাকত ফাদিলৰ গোচৰত গ্ৰেপ্তাৰ নিশ্চিত হৈ পৰাৰ পাছতে আত্মগোপন কৰিলে আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণই  ৷ ইয়াকে লৈ জোকাৰণিৰ সৃষ্টি হৈছে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগতো সমগ্ৰ বিষয়টো অতি স্পৰ্শকাতৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত চি আই ডিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰসাদ সিঙকে ধৰি শীৰ্ষ আৰক্ষী বিষয়াসকলৰ ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ অসম আৰক্ষীৰ মুৰব্বী ভাস্কৰজ্যোতি মহন্ত ৷

চি আই ডিৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে উপ পৰিদৰ্শক পদৰ বাবে আয়োজিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত প্ৰত্যক্ষভাৱে জড়িত থকা পৰ্যাপ্ত তথ্য প্ৰমাণো লাভ কৰাৰ পাছতে চি আই ডিয়ে ২১/২০২০ নম্বৰ গোচৰত কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণৰ চৰকাৰী বাসভৱনত যোৱা ১০ অক্টোবৰত অভিযান চলোৱাৰ লগতে যোৱা ১২ অক্টোবৰ আৰু বুধবাৰে দীৰ্ঘ সময় ধৰি জেৰা কৰে ৷

আৰক্ষী অধীক্ষকজনক সোধ পোছৰ বাবে পুনৰ হাজিৰ হ’বলৈ চি আই ডিয়ে নিৰ্দেশ দিয়ে,কিন্তু আৰক্ষী অধীক্ষকজনে চি আই ডিৰ নিৰ্দেশৰ ভিত্তিত নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্দিষ্ট স্থানত উপস্থিত হোৱাৰ পৰা বিৰত থাকে ৷ এই বিষয়ে সংশ্লিষ্টসকলে উৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতে ৰাজ্য চৰকাৰৰ গৃহ বিভাগত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

প্ৰশ্নকাকত ফাদিলৰ ঘটনাত প্ৰত্যক্ষভাৱে নাম সাঙোৰ খাই পৰা অন্যতম অভিযুক্ত সঞ্জীত কৃষ্ণ ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কনিষ্ঠ ভাতৃ । প্ৰশ্নকাকত ফাদিলৰ গোচৰত একাধিকবাৰ চি আই ডিৰ জেৰাৰ সন্মুখীন হোৱা আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণক যোৱা ১১ অক্টোবৰত এক জৰুৰী নিৰ্দেশনা যোগে কৰিমগঞ্জৰ পৰা বৰপেটা জিলাৰ এফ আৰ আৰ অ’ শাখৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়।

কিন্তু তেওঁ নতুন পদত যোগদান কৰা নাই, সন্ধানহীন হৈ আছে  ৷ এই তথ্য পোহৰলৈ অহাৰ পাছতে গৃহবিভাগত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ বিশেষকৈ সঞ্জীত কৃষ্ণৰ লগতে ৰাজ্য চৰকাৰৰ মুখ্য সচীবৰ নামো জড়িত হৈ আছে ৷

ইপিনে গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপন কৰা তদানীন্তন আৰক্ষী অধীক্ষকজনৰ সন্ধানত চি আই ডিৰ লগতে চোৰাংচোৱা সংস্থাসমূহেও উৰ্ধ্বতন কৰ্তৃপক্ষৰ নিৰ্দেশত অভিযান আৰম্ভ কৰিছে৷সম্ভাব্য সকলো স্থানতে অভিযান অব্যাহত ৰখাৰ উপৰি সঞ্জীত কৃষ্ণৰ বাসগৃহ চৌহদৰ আশে পাশেও চোৰাংচোৱা সংস্থাৰ লোকে অৱস্থান গ্ৰহণ কৰা বুলি সূত্ৰটোৱে জনায় ।

আৰক্ষী অধীক্ষকজনৰ পূৰ্বে সংশ্লিষ্ট গোচৰৰ অন্যতম অভিযুক্ত প্ৰাক্তন ডি আই জি পি কে দত্ত আৰু বিজেপি নেতা দ্বিবন ডেকায়ো আত্মগোপন কৰিছিল। পৰৱৰ্তী সময়ত অভিযুক্তদ্বয় জালত পৰে যদিও সঞ্জীত কৃষ্ণৰ আত্মগোপনে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ ফোঁপলা স্বৰূপ উদঙাই দিছে বুলি সৰ্বত্ৰে চৰ্চিত হৈছে ।

তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰাৰ বিপৰীতে গ্ৰেপ্তাৰৰ ভয়ত যদি স্বয়ং আৰক্ষী অধীক্ষকেই পলায়ন কৰে তেন্তে আন অভিযুক্তই ভৱিষ্যতে কি কৰিব সেয়া সহজেই অনুমেয় বুলি চৰ্চিত হৈ আছে ৷ অৱশ্যে তেওঁক আত্মগোপন কৰাৰ সুযোগ দিয়া হ’ল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে।

Exit mobile version