চিৰাঙৰ বাসুগাঁৱত আৰক্ষীৰ অভিযান

KAJALGAON 1

চিৰাঙৰ বাসুগাঁৱত গঢ়ি উঠিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৷ আজি বাসুগাঁৱত আৰক্ষীয়ে কৰা অভিযানত ড্ৰাগছসহ এজনক আটক কৰিবলৈ সক্ষম হয়।চিৰাং জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানত কৰিম মোল্লা নামৰ এজন যুৱকৰ পৰা হেৰ’ইনসহ নগদ ধন ১১,১৪০ টকা আৰু দুটা ম’বাইল ফোন উদ্ধাৰ কৰে ৷

বাসুগাঁৱ থুৰিবাৰীৰ বাসিন্দা কৰিম মোল্লা নামৰ ড্ৰাগছ ব‍্যৱসায়ীজনে এএচ ১৯এ-৮৫৪৬ নম্বৰৰ ড্ৰাগছসহ গৈ থকা অৱস্থাত গোপন তথ‍্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

কৰিমৰ পৰা ড্ৰাগছ ভৰ্তি ৭ টা কন্টেইনাৰ উদ্ধাৰ হয়৷আনহাতে দীৰ্ঘদিন ধৰি চিৰাঙৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ সৰবৰাহৰ চলি থকা তথ্যৰ ভিত্তিত চিৰাং আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিয়ে জানিবলৈ দিছে।

উল্লেখ্য যে আৰক্ষীয়ে চিৰাং জিলাত ড্ৰাগছৰ বিৰুদ্ধে ধাৰিবাহিক অভিযান অব‍্যাহত ৰাখিছে । যাৰ ফলত প্ৰতিদিনেই জিলাখনত ড্ৰাগছসহ ইয়াৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷

Exit mobile version