দুই কোটি টকা পর্যন্ত ঋণৰ সুতৰ ওপৰত সুত ৰেহাইত বিলম্বত ক্ষুণ্ণ ন্যায়ালয়

supreme court

কেন্দ্রীয় চৰকাৰে বিচৰা মতে দুই কোটি পর্যন্ত ঋণৰ সুতৰ ওপৰত সুত ৰেহাইত এমাহ অধিক সময় দিবলৈ অমান্তি হয় উচ্চতম ন্যায়ালয়। দেশৰ সর্বোচ্চ ন্যায়ালয়ে কেন্দ্রক প্রশ্ন কৰে যে ইতিমধ্যে এই ক্ষেত্ৰত সিদ্ধান্ত গ্রহণৰ পাছত ইয়াৰ ৰূপায়ণৰ বাবে ইমান দীঘলীয়া সময় কিয় প্রয়ােজন হৈছে। কেন্দ্রই যুক্তি দর্শায় যে কেতবােৰ আনুষ্ঠানিকতাৰ বাবে সময়ৰ প্ৰয়ােজন হৈছে, কিন্তু আদালতে দুই নৱেম্বৰত নতুনকৈ চূড়ান্ত সময়সীমা ধার্য কৰে।

তিনিজনীয়া বিচাৰপীঠৰ সদস্য ন্যায়াধীশ এম আৰ শ্বাহে কয়, সাধাৰণ মানুহৰ দেৱালী এতিয়া চৰকাৰৰ হাতত। আদালতে কয়, ‘সাধাৰণ মানুহ উদ্বিগ্ন হৈছে । আমি দুই কোটি পর্যন্ত ঋণ থকা মানুহক লৈ সচেতন। কৰনাৰ পৰিৱেশত তলাবন্ধৰ বাবে যিসকল লােকে ঋণ আদায় দিব পৰা নাই তেওঁলােকলৈ সকাহৰ পথ মুকলি কৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক হেঁচা দি আহিছে। কেন্দ্রই ইতিমধ্যে কয় যে ঋণৰ সুতৰ ওপৰত সুত মকুব কৰিব চৰকাৰে। ইয়াৰ দ্বাৰা কেৱল ব্যক্তিগত ঋণ গ্রহণকাৰীয়েই নহয় বেংকসমূহেও সকাহ পাব।

চৰকাৰীপক্ষৰ অধিবক্তাই কয় যে ই এক বৃহৎ বােজা হ’ব। অৱশ্যে তেওঁলােকে এই পৰিমাণ উল্লেখ কৰা নাই বুলিও কয়। যােৱা মার্চত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ক’ভিড পৰিস্থিতিৰ বাবে ঋণৰ কিস্তি পৰিশােধ তিনিমাহলৈ স্থগিত ৰাখিছিল। এই মৰেট’ৰিয়ামৰ ম্যাদ ৩১ আগষ্টলৈ পৰৱর্তী পর্যায়ত বৃদ্ধি কৰা হৈছিল। ছেপ্টেম্বৰত এই সম্পর্কীয় গােচৰৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে চৰকাৰক ঋণগ্রস্তসকলক সকাহৰ বাবে এক পথ নির্ধাৰণ কৰিবলৈ নির্দেশ দিছিল।

আবেদনকাৰীসকলে ছমহীয়া মৰেট’ৰিয়ামৰ সময়ছােৱাত সুতৰ ওপৰত সুত ৰেহাই দিবলৈ আবেদন জনাইছিল । এই মর্মে  আশা কৰা হৈছিল যে চৰকাৰে ঋণ মকুবৰ ক্ষেত্ৰত চৰকাৰৰ সন্মুখৰ পথ স্পষ্ট কৰিব তথা ক’ভিড পৰিস্থিতিৰ স’তে সম্পর্কিত মৰেট’ৰিয়ামৰ সময়ছােৱাত সুত ৰেহাইৰ প্ৰভাৱ সম্পর্কীয় প্রতিবেদন প্রস্তুত কৰিবলৈ গঠন কৰি দিয়া মেহৰিশ্বি কমিটীৰ অনুমােদন সম্পর্কতাে সিদ্ধান্ত জাৰি কৰিব। কিন্তু চৰকাৰে ইয়াৰ পৰিৱর্তে অধিক সময় বিচাৰি কয় যে ঋণগ্রস্তসকললৈ সকাহ প্রদানৰ সময়সীমা অহা ১৫ নৱেম্বৰলৈ বৃদ্ধি কৰিব লাগে।

এই ক্ষেত্ৰত আদালতে কয়, ‘আপােনালােকে যেতিয়া এটা সিদ্ধান্ত লৈছে তেন্তে এমাহৰ বাবে পলম কিয় হৈছে ।’ ন্যায়াধীশ অশােক ভূষণ, আৰ সুভাষ ৰেড্ডী আৰু এম আৰ শ্বাহৰ আদালতে কয়, “আমাৰ মতামত অনুসৰি এই সিদ্ধান্ত কার্যকৰী কৰিবলৈ এমাহৰ প্ৰয়ােজন নাই। এই বিলম্ব সাধাৰণ মানুহৰ স্বাৰ্থৰ হকে নহয়। সৰু বৰ মানুহৰ বাবে সকাহ প্রদানৰ সিদ্ধান্ত কিন্তু কিছু বাস্তৱ ফলাফলৰ প্ৰয়ােজন আছে।”

মন কৰিবলগীয়া যে পূর্বতে ৰিজাৰ্ভ বেংকে কৈছিল যে দেশৰ অর্থনীতি আৰু বেংকিং খণ্ডত ক্ষতিকাৰক প্ৰভাৱ পেলাব বাবে মৰেট’ৰিয়ামৰ সময় বৃদ্ধি সম্ভৱ নহয়। কেন্দ্রীয় চৰকাৰে ইপিনে আদালতক কৈছিল যে দুই কোটি পর্যন্ত ঋণৰ ক্ষেত্ৰত সুতৰ ওপৰত সুত ৰেহাই দিব চৰকাৰে।

Exit mobile version