পশ্চিমবংগত দুৰ্গাপূজাৰ সুযোগতে ৰাজনৈতিক কুচকাৱাজ

prime minister narendra modi turns 70 birthday wishes pour in from all corners

সমাগত দুৰ্গা পূজা ৷লগতে ওচৰ চাপি আহিছে পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন।গতিকে নিৰ্বাচন আৰু দুৰ্গা পূজাৰ সুযোগ লৈছে ৰাজনৈতিক দলসমূহে। পিছ পৰি ৰোৱা নাই বিজেপিও।

কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ অক্টোবৰত ডিজিটেল মাধ্যমৰ জৰিয়তে চলিত বৰ্ষৰ দুৰ্গাপূজা কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিব ৷লগতে প্ৰধানমন্ত্ৰী মোডীয়ে ২২অক্টোবৰতে কলকাতা চল্ট লেকত বিজেপিৰ দ্বাৰা আয়োজিত দুৰ্গা পূজাও উদঘাটন কৰিব ৷

এক বিশেষ সূত্ৰৰ মত অনুসৰি প্ৰধানমন্ত্ৰী মোডীয়ে এই সময়ত “মন কী বাত”ৰ দৰে পূজা কী বাত” শীৰ্ষক এক বিশেষ কাৰ্যসূচীৰে পশ্চিমবংগৰ লোকসকলক সম্বোধন কৰিব ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা এই সময়ত পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰৰ দ্বাৰা কৰ্মকৰ্তাসকলৰ শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব।

ইফালে পূজাৰ আয়োজনেৰে বিজেপিৰ পদক্ষেপেৰে পশ্চিম বংগত নিৰ্বাচনৰ সুযোগ লৈ ২০২১ ৰ বিধানসভাৰ নিৰ্বাচনৰ কাৰণে ভোটাৰসকলক আকৃষ্ট কৰিবলৈ বিশেষ প্ৰস্তুতি বুলি চৰ্চা লাভ হৈছে৷আনহাতে কোনো ৰাজ্যত প্ৰথমবাৰৰ কাৰণে এনেদৰে দুৰ্গা পূজা অনুষ্ঠিত কৰাটো এয়াই প্ৰথম ৷

বিজেপিয়ে অনুষ্ঠিত কৰা এই দুৰ্গা পূজা কোনো লোকে ঘৰতেই পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰা পূজাৰ দৰেই হ’ব।

Exit mobile version