প্ৰদূষণ-পৰিৱেশ-জনসংখ্যা বৃদ্ধি

Screenshot 17

১৯৭০ ৰ পৰা ২০১৬ ৰ মাজৰ সময়ছোৱাত পৃথিৱীৰ পৰা ৬৮ শতাংশ জীৱ-জন্তু বিলুপ্তি হৈছে । পৰিৱেশ সংস্থা ডব্লিউ ডব্লিউ এফ ইন্টাৰনেছনেল তথা জিয়’ল’জিকেল ছ’চাইটি অৱ লণ্ডনৰ ‘লিভিং প্লেনেট ৰিপ’ৰ্ট ২০২০ ‘ত এই তথ্য প্ৰকাশ পাইছে ।প্ৰতিবেদন অনুসৰি ভাৰতত এই সময়ছোৱাত ৬০ শতাংশ জীৱ-জন্তুৰহে মৃত্যু হৈছে ।

ডব্লিউ ডব্লিউ এফৰ তথ্য অনুসৰি, ভাৰতত যোৱা পাঁচটা দশকত ১২ শতাংশ স্তন্যপায়ী, ১৯ শতাংশ উভচৰ তথা তিনি শতাংশ চৰাই বিলুপ্ত হৈছে । ভাৰতত ৬৮০০ মেৰুদণ্ড থকা প্ৰাণীৰ ভিতৰত সম্প্ৰতি ৫৫০ টাৰ অস্তিত্বলৈ সংকট নামি আহিছে ।পানীত থকা প্ৰাণীৰ ভিতৰত বছৰি গড়ে চাৰি শতাংশ কৈ বিলুপ্ত হৈ আহিছে ।

নীতি আয়োগৰ তথ্য অনুসৰি, ভাৰতৰ ১২ খন নদীৰ অৱবাহিকাত গভীৰ পানীৰ সমস্যাই দেখা দিছে । ইয়াৰ ফলত প্ৰায় ৮২ কোটি লোক প্ৰভাৱিত হ’ব । ডব্লিউ ডব্লিউ এফৰ তথ্য অনুসৰি, ২০১৯ৰ প্ৰথম ছমাহত কেন্দ্ৰীয় চৰকাৰৰ ২৪০ টা প্রকল্পক পৰিৱেশ, বন আদি মন্ত্ৰণালয়ে অনুমোদন দিছে ।

৯৯শতাংশ অৰণ্য পৰিষ্কাৰ কৰি এই প্ৰকল্পবিলাক স্থাপন কৰা হয় । এই অৰণ্যৰ ভিতৰত ৪৩ শতাংশই বন্যপ্ৰাণীৰ বাসস্থানৰূপে পৰিৱেশ সংবেদনশীল অঞ্চলৰ অন্তৰ্গত ।

Exit mobile version