হাইদৰাবাদত বানৰ তাণ্ডৱ, বৃষ্টিপাতৰ ফলত ১৮ জনকৈ লোকৰ মৃত্যু

WhatsApp Image 2020 10 15 at 1.52.18 PM

প্ৰচণ্ড বৃষ্টিপাতৰ ফলত তেলেংগানাৰ ৰাজধানী হায়দৰাবাদতে ১৮ জনকৈ লোকৰ মৃত্যু ঘটিছে । ইয়াৰ লগে লগে বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৩৩জনলৈ বৃদ্ধি পাইছে ৷ এই বৃষ্টিপাতৰ ফলত হায়দৰবাদৰ লগতে ৰাজ্যখনৰ বিভিন্ন দ অঞ্চল আৰু পথসমূহত পানীত বুৰ গৈছে ।

নিশা মহানগৰৰ বিভিন্ন অঞ্চলত প্ৰৱল বৃষ্টিপাতৰ ফলত ঘৰ আৰু ক্ৰংকিটৰ ৱাল খহি পৰি উক্ত লোককেইজনৰ মৃত্যু ঘটিছে  ৷ আনহাতে অতিবৃষ্টিৰ বাবে ৰাজ্যখনত বুধবাৰ আৰু বৃহস্পতিবাৰে সকলো চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰিছে চৰকাৰে ৷ লগতে চৰকাৰে সতৰ্ক কৰি সকলো লোককে আগন্তুক দুদিন ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছে ।

ইব্ৰাহিমপাটনমতো মংগলবাৰে নিশা অতিপাত বৰষুণৰ ফলত ঘৰৰ চালখন খহি পৰাত এগৰাকী ৪০ বছৰীয়া মহিলাসহ তেওঁৰ কন্যাৰ মৃত্যু ঘটিছে।ইতিমধ্যে ৰাজ্যখনৰ মুখ্য সচিব সোমেশ কুমাৰে ৰাজ্যখনৰ সকলো জিলাতে হাই এলাৰ্ট জাৰি কৰিবলৈ জিলাৰ উপায়ুক্তসকললৈ নিৰ্দেশ দিছে । উল্লেখ্য যে আজি আৰু অধিক বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

Exit mobile version