হাৰিয়ানাত পত্নীক প্ৰায় এবছৰ ধৰি টয়লেটত আবদ্ধ কৰি ৰাখিছে স্বামীয়ে

WhatsApp Image 2020 10 15 at 1.59.10 PM

এবছৰ ধৰি টয়লেটত আবদ্ধ এগৰাকী মহিলা । হাৰিয়ানাৰ ৰিচপুৰ গাঁৱত প্ৰায় এবছৰ ধৰি টয়লেটত স্বামীয়ে আৱদ্ধ কৰি ৰখাৰ পাছত মহিলা সুৰক্ষা আৰু বাল্য বিবাহ নিষেধাজ্ঞাৰ বিষয়া ৰজনী গুপ্তাৰ স’তে যোৱা এটা দলে সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পাছতে বুধবাৰে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ৰজনী গুপ্তাই কয় যে, “মহিলাগৰাকী মানসিকভাৱে অসুস্থ বুলি সূত্ৰত কোৱা হৈছিল । এয়া সত্য নহয় । মহিলাগৰাকী আৰু মোৰ স’তে হোৱা কথাবার্তাত স্পষ্ট যে মহিলাগৰাকী মানসিকভাৱে অস্থিৰ নহয় । কিন্তু মহিলাগৰাকীৰ মানসিক ভাৱে সুস্থ হয় নে নহয় সেয়া আমি নিশ্চিত কৰিব নোৱাৰো ।” উদ্ধাৰ কৰাৰ পাছতে মহিলাগৰাকীক পৰিষ্কাৰকৈ ধুৱাই দিয়া হৈছিল । এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হয় ।

আনহাতে, ভুক্তভোগী মহিলাগৰাকীৰ স্বামীয়ে মানসিকভাৱে অসুস্থ বুলি দাবী কৰিছে । লগতে কয় যে, পত্নীক চিকিৎসকৰ ওচৰত লৈ গৈছিল যদিও স্বাস্থ্যৰ কোনো উন্নতি নহ’ল ।

Exit mobile version