চালক নথকা গাড়ী

Screenshot 15

ৰাষ্ট্ৰীয় ঘাইপথৰে তীব্ৰ বেগত গৈ আছে এখন চাৰিচকীয়া গাড়ী ।ফিয়েটৰ পুৰণি পদ্মিনী মডেলৰ গাড়ীখনে অনায়াসে কাষৰ গাড়ীবিলাকক পাৰ কৰি তীব্ৰ বেগত গৈ আছে;কিন্তু গাড়ীখন দেখি সকলো হতবাক হৈ পৰিছে ।কিয়নো গাড়ীখনত নাই কোনো চালক । চালক অবিহনে তীব্ৰ বেগত গৈ থকা গাড়ীখন এটা সময়ত বহু লোকৰ চকুত পৰিল । গাড়ীখনত এজন যাত্ৰী আছে যদিও চালকৰ কাষৰ আসনতে বহি আছে ।

দিনৰ পোহৰতে সংঘটিত এই ঘটনাৰ এটি ভিডিঅ’ কৰি এজন লোকে ছ’চিয়েল মিডিয়াত প’ষ্ট কৰে ।ঘটনাটো সংঘটিত হৈছে তামিলনাডুত। ভিডিঅ’টো প’ষ্ট হোৱাৰ লগে লগে ভাইৰেল হৈ পৰে ।চালক নথকা গাড়ীখন কোনে চলাইছে তাক লৈ হতবাক হৈ পৰে সকলো।’টেছলা’ সহ বিদেশৰ বহু নামী গাড়ী প্ৰস্তুতকর্তা প্ৰতিষ্ঠানে চালকহীন গাড়ী বনাবলৈ সক্ষম হৈছে যদিও এতিয়াও এনে গাড়ী সম্পূৰ্ণৰূপে সুৰক্ষিত বুলি নিশ্চিত হোৱা নাই।এনে গাড়ীত বহু বিসংগতি দেখিবলৈ পোৱা গৈছে।

ভিডিঅ’টোত দেখিবলৈ পোৱা অনুসৰি গাড়ীখনৰ যাত্ৰী হিচাপে থকা বয়োজ্যেষ্ঠ লোকজনে যথেষ্ট নিশ্চিতভাৱেই নিজ আসনত বহি গৈ আছে । গাড়ীখনে দ্ৰুতগতিত গৈ থকা সত্বেও যাত্ৰীজনে ভয় খোৱা নাই । সাধাৰণতে গাড়ী চলাবলৈ প্ৰশিক্ষণ দিয়াসকলে এনে ধৰণৰ গাড়ী ব্যৱহাৰ কৰে ।

ষ্টিয়াৰিং চালকৰ হাতত থাকিলেও ব্ৰেক -ক্লাছ আদি কাষত বহা লোকজনৰ নিয়ন্ত্ৰণত থাকে।যাতে গাড়ী চলোৱা শিকিবলৈ সহজ হয় ।একাংশই দাবী কৰা অনুসৰি গাড়ীত যাত্ৰীজন প্ৰকৃততে ভেলোৰৰ এজন ব্যৱসায়ী।সুদীৰ্ঘ ৩০ বছৰ ধৰি তেওঁ এনেদৰেই গাড়ী চলাই আহিছে ।

Exit mobile version