শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ৰবৰতলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা ২ মান বজাত সংঘটিত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত চাৰিজন লোক থিতাতে নিহত হয় ৷
প্ৰাপ্ত তথ্য মতে, যোৱা নিশা ধুবুৰীৰ পৰা যোৰহাট অভিমুখে গৈ থকা এ এছ-১৭ ডি-৭৫৮৩ নম্বৰৰ যাত্ৰীবাহী টাটা চুমুখনে ১৫নং ঘাইপথেৰে গৈ থকা অৱস্থাত ঢেকিয়াজুলিৰ ৰবৰতলাত ৰৈ থকা এন এল ০১ -কে- ১৮২৩ নম্বৰৰ ট্ৰাকৰ পিছফালে খুণ্ডা মৰাত টাটা চুমু খনৰ চাৰি জন যাত্ৰী থিতাতে নিহত হয় ৷
নিহত কেইজন ক্ৰমে আব্দুল আজিজ খাঁ, আব্দুল আলি, খুদেজা বিবি আৰু আৰিফুল হক বুলি চিনাক্ত কৰা হৈছে ৷ চুমুখনৰ আন ৮জন যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ আহত সকলক তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
নিহত আটাইকেইজনক ঘৰ ধুবুৰী জিলাৰ আগমনিৰ বুলি জানিব পৰা গৈছে৷ পথ দুৰ্ঘটনাটোত নিহত লোক কেইজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত ঢেকিয়াজুলি আৰক্ষীয়ে পৰিয়ালক চমজাই দিয়ে৷