উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাত লাডেন, অ’বামা, মোদীৰ নাম

voter id

উত্তৰ প্ৰদেশৰ গাঁও পঞ্চায়তৰ নিৰ্বাচনত ভোটদানৰ সুযোগ লাভ কৰে অ’ছামা বিন লাডেনৰ পৰা বাৰাক অ’বামালৈ তথা নৰেন্দ্ৰ মোদীৰ পৰা মুখ‍্যামন্ত্রী শিৱৰাজ সিং চৌহানলৈ । ২০১৫ৰ ভোটাৰ তালিকা অনুসৰি এই বিখ্যাত কুখ্যাত লোকসকলে ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনত ভোটদানৰ বাবে যোগ্য । ৰাজ্যখনৰ সমাগত গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা সংশোধন কৰিবলৈ যোৱাৰ সময়তে এনে তথ্য পোহৰলৈ আহে ।

ভোটাৰ তালিকাত মানুহৰ নামৰ স্থানত ‘ফেন’ আৰু ‘চেক’ও নাম হিচাপে অন্তৰ্ভুক্ত হৈছে । ইয়াতকৈও আশ্চৰ্যকৰ কথা হৈছে ভোটাৰ তালিকাত লাডেনৰ পিতৃ হিচাপে নৰেন্দ্ৰ মোদীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । ভোটাৰ তালিকা সংশোধনৰ পূৰ্বে ভোটাৰ তালিকা হাতত তুলি লোৱাৰ সময়তে এনে নামবিলাক সন্মুখলৈ আহে ।

তালিকাখনত বহুবিলাক সন্দেহযুক্ত নাম দৃষ্টিগোচৰ হোৱাত ব্যাপকভাৱে এনে লোকৰ সন্ধান চলোৱা হয় ।কিন্তু গাঁওখনত তেনে কোনো লোকক বিচাৰি পোৱা নগ’ল । এনে ঘটনা অৱশ্যে এয়াই প্ৰথমবাৰলৈ হোৱা নাই । ৰাজনৈতিক চক্ৰান্তৰে এনে নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে এনে ধৰণৰ নাম চিহ্নিত কৰি সংশোধনেৰে বাদ দিবলৈ নিৰ্দেশ জাৰি কৰিছে।

Exit mobile version