কাৰ কাৰ জেপত সোমাল এশ কোটি?

11kajalgaon

হাতীৰ দাঁতৰ দৰেই হ’ব নেকি আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদত নিযুক্তিৰ নামত সংঘটিত বিয়াগােম কেলেংকাৰিৰ তদন্ত প্রক্রিয়া? এক নির্দিষ্ট পর্যায়তে এই সম্পর্কত ৰুজু হৈ থকা গােচৰসমূহৰ তদন্ত প্রক্রিয়া থমকি ৰব নেকি ? প্রশ্নকাকত ফাদিলৰ ঘটনাক লৈ চি আই ডিকে ধৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ থকা গােচৰৰ তদন্ত প্রক্রিয়াৰ ৰেহৰূপ দেখিয়ে উত্থাপিত হৈছে এই ধৰণৰ প্রশ্ন। বিশেষকৈ আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত মাত্র তিনিমাহতে দালাল চক্রই এশ কোটি টকাৰ লেনদেন কৰাৰ তথ্য উন্মােচিত হােৱাই নহয়, ৰাজ্যৰ প্রান্তে প্রান্তে কোটি কোটি টকা উদ্ধাৰৰ পাছতাে সংশ্লিষ্ট ধনৰাশিৰ উৎসৰ সন্ধানত তদন্তৰ বাবে আজি পর্যন্ত নির্দেশনা লাভ কৰা নাই তদন্তকাৰী সংস্থাসমূহে ।

গৃহ বিভাগৰ সূত্ৰই  এই কথা সদৰী কৰি জনােৱা মতে, প্রশ্নকাকত ফাদিলৰ ঘটনা সম্পর্কত চি আই ডি থানাত ২১/২০২০ নম্বৰত ৰুজু কৰা গােচৰৰ অনুসন্ধানৰ সময়তে আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত মাত্র তিনিমাহতে দালাল চক্রই কমেও এশ কোটি টকাৰ লেনদেন কৰাৰ তথ্য পােহৰলৈ আহে। অনুৰূপ তথ্য পােহৰলৈ আহে নিযুক্তিৰ নামত নগদ ধনৰ লেনদেন সম্পর্কত মহানগৰ আৰক্ষীৰ অপৰাধ কোষ থানাত ৰুজু হৈ থকা ১৩/২০২০ নম্বৰ গােচৰৰ অনুসন্ধানতাে ।

সংশ্লিষ্ট তদন্তকাৰী সংস্থাৰ তথ্যৰ ভিত্তিতে অভিযান চলাই বঙাইগাঁও, চিৰাং আৰু বৰপেটা আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই যােৱা ১০ অক্টোবৰত অভয়াপুৰীৰ তাৰিণী বণিক্যৰ বাসগৃহৰ পৰা নগদ ৩,৩৩,৩৬,৪০০ টকা, বৰপেটাৰ দেৱৰাজ দাসৰ বাসগৃহৰ পৰা ১,৮৫,০৫,৭০০ টকা, বঙাইগাঁৱৰ প্রদীপ মজুমদাৰৰ বাসগৃহৰ পৰা ১৫,৪৬,৫০০ টকা আৰু চিৰাঙৰ চুলতান আলীৰ বাসগৃহৰ পৰা নগদ তিনি লাখ টকা উদ্ধাৰ কৰে ।

পশ্চিম অসমৰ তিনিখন জিলাত নগদ ধনৰ উজান উঠা ঘটনাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই যােৱা ১১ অক্টোবৰত মনােজ শর্মা মালিকাধীন মেছাৰ্ছ কৃষ্ণা গ্ল’বেল প্রাইভেট লিমিটেডৰ জুডেস্থিত কার্যালয়ত অভিযান চলাই নগদ ৪,২০,৫০০ টকা আৰু  চান্দমাৰিৰ নৱগিৰি পথত থকা জয়দ্বীপ বৰুৱাৰ বাসগৃহত অভিযান চলাই চি আই ডিয়ে নগদ ২৪,৮৮,৩০০ টকা উদ্ধাৰ কৰে । কিন্তু সংশ্লিষ্ট ধনৰাশিৰ প্রকৃত উৎসৰ সন্ধানৰ ক্ষেত্ৰত তদন্তৰ বাবে চি আই ডিয়ে আজি পর্যন্ত কোনাে নির্দেশ লাভ নকৰা বুলি সূত্ৰটোৱে জনায়।

কেৱল চি আই ডিয়েই নহয়, এই সম্পৰ্কত প্রয়ােজনীয় তদন্তৰ  বাবে মহানগৰ আৰক্ষীৰ অপৰাধ কোষ থানায়াে কোনাে ধৰণৰ অনুমতি লাভ কৰা নাই। অথচ মহানগৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ অপৰাধ কোষ থানাত নিজাববীয়াকৈ ৰুজু কৰা ১৩/২০২০ নম্বৰ গােচৰটো আৰক্ষীৰ উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত নগদ ধনৰ লেনদেন সম্পর্কীয় হােৱা সত্ত্বেও হঠাতে তদন্ত প্রক্রিয়া স্থৱিৰ কৰা বুলি সূত্ৰটোৱে জনায়।

কিয় স্থৱিৰ হৈ পৰিছে তদন্ত প্রক্রিয়া?

প্রশ্নকাকত ফাদিল কৰা দালাল চক্ৰটোৰ লগত অতি শেহতীয়াকৈ সাঙোৰ খাই পৰিছে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কনিষ্ঠ ভ্রাতৃ তথা কৰিমগঞ্জ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণৰ নাম। চি আই ডিকে ধৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ থকা কেউটা গােচৰত আজি পর্যন্ত গ্রেপ্তাৰ হােৱা কেউজন অভিযুক্তৰ ভিতৰত সবাতােকৈ প্ৰভাৱশালী অভিযুক্তজনেই হৈছে সঞ্জীত কৃষ্ণ । ফলত স্বাভাৱিকভাৱেই ৰাজ্যৰ সর্বস্তৰৰ লােকৰ দৃষ্টি সম্প্রতি তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণৰ ওপৰতে নিবদ্ধ হৈ পৰিছে ।

ইয়াৰ সুযােগতে প্রশ্নকাকত ফাদিলৰ আঁৰৰ মূল উদ্দেশ্যক একাষৰীয়া কৰি থৈ সমগ্র প্রক্রিয়াৰ লগত জড়িত প্ৰভাৱশালী চক্র ৰক্ষণাবেক্ষণৰ বাবেহে দিছপুৰৰ আন এক প্ৰভাৱশালী চক্র উঠি পৰি লাগিছে। ফলত প্রশ্নকাকত ফাদিলৰ লগত প্রত্যক্ষভাৱে জড়িত হৈ থকা কোটি কোটি টকাৰ লেনদেনৰ বিষয়ক লৈ অব্যাহত থকা তদন্ত প্রক্রিয়া স্থৱিৰ হৈ পৰা বুলি সূত্ৰটোৱে জনায়।

Exit mobile version