তলাবন্ধত চাকৰি হেৰুওৱা শ্ৰমিকক তিনি মাহৰ বেতন দিব কেন্দ্ৰই

migrants pti 140570505 1589658593

কৰ’না পৰিপ্ৰেক্ষিতত অব্যাহত থকা তলাবন্ধৰ সময়ছোৱাত কিমান শ্রমিকৰ মৃত্যু হৈছে তাৰ হিচাপ ৰখা নাই নৰেন্দ্ৰ মোদী চৰকাৰে । এইবাৰ কেন্দ্ৰই তলাবন্ধৰ সময়ছোৱাত চাকৰি হেৰুৱা শ্ৰমিক সকলক সকাহ দিবলৈ কিছু পদক্ষেপ গ্ৰহণ কৰিছে । ABVKY আঁচনিৰ অধীনত এইসকল শ্ৰমিকৰ ৫০ শতাংশ পর্যন্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰই ।

এই সন্দৰ্ভত কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই কয় যে, এই পৰ্যন্ত ইয়াৰ বিশেষ কোনো প্ৰতিক্ৰিয়া নাই । লাহে লাহে এই আঁচনি কাৰ্য বাঢ়িব বুলি আমি আশা কৰিছোঁ। বিজ্ঞাপনৰ জৰিয়তে অধিক উপভোক্তাৰ কাষ চাপিবলৈ পৰিকল্পনা কৰা হৈছে । যদি তলাবন্ধৰ সময়ছোৱাত চাকৰি হেৰুওৱাৰ পাছত ইএসআইৰ কাৰ্যালয়ত আবেদন কৰিলে শ্রমিকসকলে তিনি মাহৰ অৰ্থাৎ ৯০ দিনৰ ৫০% লাভ কৰিব ।

আনহাতে, শ্ৰম মন্ত্ৰণালয়ৰ বিষয়াগৰাকীয়ে কয় যে, ম্যাদ আৰু ক্ষতিপূৰণৰ পৰিমাণ বৃদ্ধি কৰাৰ পাছত প্ৰতিদিনে গড়ে ৪০০ আবেদন পত্ৰ লাভ কৰিছে। তলাবন্ধৰ সময়ছোৱাত চাকৰি হেৰুৱা শ্ৰমিকৰ সংখ্যাৰ তুলনাত এই সংখ্যা তেনেই নগণ্য । আনহাতে, টেলিভিছন আৰু সংবাদপত্ৰত বিজ্ঞাপন নিদিয়াৰ বাবে বহু লোক এই সন্দৰ্ভত অৱগত নহয় ।

Exit mobile version