পুনৰ উত্তপ্ত হব ৰাভা হাছং

20201016 164555

ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণৰ দাবীত পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং । ইতিমধ্যে নিখিল ৰাভা ছাত্ৰ সন্থা চমুকৈ আৰছু, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি, বেবাক্ ৰাভা ক্ৰৌৰাং ৰুঞ্চুম, নিখিল ৰাভা জাতীয় পৰিষদ আৰু সদৌ ৰাভা কৃষ্টি সন্মিলনে ১৫ অক্টোবৰৰ পৰা ৩ নবেম্বৰলৈ আৰম্ভ কৰিছে এলানি আন্দোলনৰ কাৰ্য্যসূচী ।

সেই অনুসৰি আজি ৰাভা হাছং এলেকাৰ দামৰা, খাৰদাং আৰু বন্দাপাৰাত “জনজাগৰণ সভা ” অনুষ্ঠিত হয় । দামৰা বিহু তলীত দামৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ সৌজন্যত অনুষ্ঠিত জনজাগৰণ সভাত ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি মহীধৰ ৰাভাই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ খনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তকৰণৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া চাৰে চাৰি বছৰে পূৰণ নকৰিলে ।

আনকি সোণোৱাল চৰকাৰৰ কেবিনেট চাব কমিটিয়ে আজি পর্যন্ত ষষ্ঠ অনুসূচীৰ প্ৰস্তাৱখনকে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে । আনহাতে সোণোৱাল চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ৰাভা জাতীয় সংগঠনৰ নেতৃবৃন্দক ৰাভা হাছঙক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পর্যন্ত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে ।

তেওঁ লগতে কয় যে, , ২০১৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ চুক্তিত বিজেপিৰ স’তে মিত্ৰতা স্থাপন কৰা হৈছিল ।সেই অনুসৰি ৰাভা জাতীয় সংগঠনৰ ফালৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছিল আৰু বিপুল ভোটত যৌথ সংগ্ৰাম সমিতিয়ে প্ৰাৰ্থী গৰাকীক জয়ী কৰাইছিল । কিন্তু তাৰ ফলস্বৰূপে বিজেপি চৰকাৰ খনে প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ পৰিৱৰ্তে প্ৰতাৰণা কৰিলে । সেয়ে ৰাভা হাছঙত বিজেপি দলক উৎখাট কৰা হব ।

তদুপৰি তেওঁ দুধনৈ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক দীপক ৰাভাকো তীব্ৰ সমালোচনা কৰি কয়, আমি যি উদ্দেশ্যেৰে দীপক ৰাভাক দিছপুৰলৈ পঠিয়াইছিলো সেই উদ্দেশ্যে পূৰণ কৰাৰ বাবে তেওঁ অলপো চেষ্টা নকৰিলে । তাৰ বিপৰীতে তেওঁ এতিয়া ৰাভা জনগোষ্ঠীৰ সমস্যা সমূহ পাহৰি বিজেপিকৰণ হৈ গল ।

গতিকে তেওঁ আমাক ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব । লগতে ৰাভা হাছঙত বিজেপি কৰা ৰাভা সকলকো বিজেপি ত্যাগ কৰিবৰ বাবে হুংকাৰ দিয়ে মহীধৰ ৰাভাই । সভাত আৰছুৰ যুটীয়া সম্পাদক হিতেশ্বৰ ৰাভাই কয়,”জাতি থাকিলেহে ৰাজনীতি ।” আগতে নিজৰ জাতিটোক বচাওক তাৰ পাছত ৰাজনীতি কৰক বুলি ৰাভা জাতিৰ বিজেপি নেতা, কৰ্মী সকলক উদ্দেশ্যি কয় ।

ইয়াৰ উপৰি সভাত আৰছুৰ প্ৰাক্তন সম্পাদক জীৱন চন্দ্ৰ ৰাভা, জিলা আৰছুৰ উপ সভাপতি প্ৰতুল ৰংখ,নিখিল ৰাভা মহিলা পৰিষদৰ উপ সভানেত্ৰী দীপালী ৰাভা প্ৰমুখ্যে কে’বাগৰাকী বক্তাই ভাষণ প্ৰদান কৰে । দামৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি প্ৰণৱ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনতে বিজেপি চৰকাৰক হুংকাৰ দি কয় যদি শীঘ্ৰে ৰাভা হাছঙক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত নকৰে তেন্তে নবেম্বৰৰ পৰা জংগী আন্দোলনৰ কাৰ্যসূচীৰ লগতে ঘোষিত আৰু অঘোষিত আন্দোলন চলাই যোৱা হ’ব আৰু বিজেপিৰ স’তে মিত্ৰতা ছেদ কৰা হ’ব ।

Exit mobile version