ম’হে বিচাৰি উলিয়ালে নিজৰ গৰাকীক

Buffalo

এটি ম’হক লৈ বিবাদ আৰম্ভ হৈছে উত্তৰ প্ৰদেশৰ কনৌজত। ম’হ এটা যদিও গৰাকী ওলাইছে তিনিজন । ফলত বিবাদ আৰক্ষী থানা পালেগৈ; কিন্তু আৰক্ষীয়ে নিজে ম’হৰ গৰাকীক বিচৰাতকৈ ম’হটোকেহে বিচাৰি উলিয়াবলৈ দিয়ে গৰাকীক ।কনৌজৰ ৰাচুলাবাদত বজাৰ বহিছিল । বজাৰত ম’হ বিক্ৰী কৰিবলৈ আনিছিল এজন লোকে ।

ইয়াকলৈকে কোনো বিতৰ্ক হোৱা নাছিল যদিও ঘটনাক্ৰমে বজাৰত উপস্থিত হয় বীৰেন্দ্ৰ নামৰ আন এজন লোক । তেওঁ ম’হটো নিজৰ বুলি দাবী কৰে । বীৰেন্দ্ৰৰ এই দাবীৰ পাছত দুয়োৰে মাজত তৰ্কাতৰ্কি আৰম্ভ হয় । ম’হ বিক্ৰী কৰিবলৈ অনা লোকজনৰ স’তে এটা সময়ত বীৰেন্দ্ৰৰ হতাহতি আৰম্ভ হয় । ম’হ বিক্ৰী কৰিবলৈ অনা লোকজনৰ মতে তেওঁ জলেশ্বৰৰ বাসিন্দা ধৰ্মেন্দ্ৰৰ পৰা ম’হ ক্ৰয় কৰিছিল।

ইয়াৰ পিছত বীৰেন্দ্ৰই থানাত দিয়া অভিযোগ অনুসৰি ধৰ্মেন্দ্ৰই বীৰেন্দ্ৰৰ ঘৰৰ পৰা বহুকেইটা ম’হ চুৰি কৰিছে । ধৰ্মেন্দ্ৰই আৰক্ষীক জনোৱা অনুসৰি তেওঁ ১৯ হেজাৰ টকাত ৰাচুলাবাদৰ এজন লোকক ম’হ বিক্ৰী কৰিছিল । ম’হৰ গৰাকী বিচাৰি উলিওৱাৰ কোনো পথ বিচাৰি নাপাই উপ-পৰিদৰ্শকজনে অৱশেষত ম’হটোকে গৰাকী বিচৰাৰ দায়িত্ব দিয়ে ।

ইয়াৰ বাবে বীৰেন্দ্ৰ আৰু ধৰ্মেন্দ্ৰক ম’হটোক মাতিবলৈ দিয়ে । ম’হে ধৰ্মেন্দ্ৰই মতাৰ সময়ত সঁহাৰি দিয়ে যদিও বীৰেন্দ্ৰক কোনো সঁহাৰি নিদিলে । ফলত ধৰ্মেন্দ্ৰক ম’হৰ গৰাকী হিচাপে স্বীকৃতি দিয়ে আৰক্ষীয়ে । ছ’চিয়েল মিডিয়াত আৰক্ষীৰ ম’হৰ গৰাকীক বিচাৰৰ প্ৰক্ৰিয়া যদি ইমান সহজ হয় তেন্তে আইন আদালতৰ আৱশ্যকতা ক’ত বুলিও প্ৰশ্ন উত্থাপন হৈছে ।

Exit mobile version