শনিবাৰৰ পৰা শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত

WhatsApp Image 2020 10 16 at 6.34.36 PM

ইতিহাস প্ৰসিদ্ধ শাক্ত-শৈৱ পীঠ নলবাৰী জিলাৰ বেলশৰস্হিত শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত অন্য বাৰৰ দৰে এইবাৰো স্বাস্থ্য বিভাগৰ সকলো নীতি নিয়ম মানি ১৭ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ দহ দিনীয়া কাৰ্যসূচীৰে শাৰদীয় দুৰ্গা পূজা উদযাপনৰ আয়োজন কৰা হৈছে ৷ এই উপলক্ষে ১৭ অক্টোবৰৰ শুক্লা প্ৰতিপদ তিথিৰ পুৱা ৯-৩০ বজাত শৈলীপুত্ৰী ৰূপে দুৰ্গা পূজা আৰম্ভ , দুপৰীয়া ১২ বজাত বলিদান ৷

১৮ অক্টোবৰত ব্ৰহ্মচাৰিণী ৰূপী দুৰ্গাৰ পূজা , পুৱা ১০ বজাত দ্বিতীয়া বিহিত পূজা,১৯ অক্টোবৰত চন্দ্ৰ ঘন্টা ৰূপী দুৰ্গা পূজা, ২০ অক্টোৱৰত কুষ্মাণ্ড ৰূপী দুৰ্গা পূজা, ২১ অক্টোবৰত স্কন্দমাতা ৰূপী দুৰ্গা পূজা, ২২ অক্টোবৰত কাত্যায়ণী ৰূপী দুৰ্গা পূজা, সন্ধিয়া ৬ বজাত দেৱীৰ বোধন, আমন্তণ আকু অধিবাস, নিশা নৱপত্ৰিকা স্নান আৰু প্ৰৱেশ ৷ আনহাতে, ২৩ অক্টোবৰত কালৰাত্ৰী ৰূপী দুৰ্গাৰ পূজা, ২৪ অক্টোবৰত মহা অষ্টমী পূজা, ২৫ অক্টোৱৰত মহা নৱমী পূজা । পুৱা ১০ বজাত বলিদান, সিদিনা অন্যবাৰৰ দৰে ম’হ বলিৰ কাৰ্যসূচী বাতিল কৰা হৈছে যদিও দেৱালয়ৰ তৰফৰ পৰা ৰাইজৰ মঙ্গলৰ হকে এটি ম’হ বলি দিয়া হ’ব ৷

২৬ অক্টোবৰত বিজয়া দশমী, পুৱা ৮ বজাত পুজা আৰম্ভ, ১০ বজাত দেৱী বিসৰ্জন, অপৰাজিতা পূজা ৷  এই বাৰৰ শাৰদীয় দুৰ্গাপূজা সমগ্ৰ বিশ্বতে চলি থকা কৰ’না অতিমাৰীৰ বাবে স্বাস্হ্য বিভাগ আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নয়ম মানি চলিবলৈ ৭ টা নীতি-নিৰ্দেশনাৰ এখন গোঁহাৰি ছপা কৰি বিতৰণ কৰিছে ৷ বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা পৰিচালনা সমিতিয়ে ভক্ত – দৰ্শনাৰ্থী সকলে পূজাস্হলীত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু মাক্স পৰিধান কৰিবলৈ আহ্বান জনাইছে ৷

লগতে চাবোনেৰে হাত ধুই অথবা হাতত চেনিটাইজাৰ ব্যৱহাৰ কৰি মন্দিৰ চৌহদত প্ৰৱেশ কৰিবলৈ আহ্বান জনাইছে । বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা পৰিচালনা সমিতিয়ে জনায় যে, মন্দিৰৰ সন্মুখ ভাগত আৰু আশে পাশে কোনো ধৰণৰ দোকান-পোহাৰ দিব নোৱাৰিব ৷ সকলো সময়তে সকলো ভক্তই ভীৰৰ সৃষ্টি কৰিব নোৱাৰিব আৰু শান্তি শৃংখলা বজাই ৰাখিব লাগিব ।

Exit mobile version