২০ ঘণ্টা ধৰি মৃতদেহ ৰখা শীতল বাকচত থাকিল জীৱন্ত বৃদ্ধ

Deep Fridger

মৃতদেহ ৰখা শীতল বাকচত ২০ ঘণ্টাজুৰি আৱদ্ধ হৈ থাকিল এজন জীৱন্ত মানুহ । এই ঘটনা সংঘটিত হ’ল তামিলনাডুৰ ছালেমত । ছালেম নিবাসী এই লোকজনৰ নাম বাল সুব্রমণিয়াম কুমাৰ । যোৱা সোমবাৰে পুৱাতে কুমাৰ হঠাৎ অসুস্থ হৈ পৰে ।তেওঁক হাস্পতাললৈ নিয়াৰ পৰিৱৰ্তে সৰ্বাননৰ পত্নীয়ে এটি ‘ফ্ৰিজাৰ’ বনোৱা প্ৰতিষ্ঠানলৈ ফোন কৰে ।

প্ৰতিষ্ঠানটোক এটি মৃতদেহ ৰখা শীতল বাকচ প্ৰেৰণ কৰিবলৈ কয় সৰ্বাননৰ পত্নীয়ে ।সেই অনুসৰি প্ৰতিষ্ঠানৰ কৰ্মীয়ে শীতল বাকচ এটা দি থৈ যায় । পৰৱৰ্তী দিনটোত বাকচটো পুনৰ ওভতাই লৈ যাব বুলিও কৈ থৈ যায় । কালি সন্ধিয়া প্ৰতিষ্ঠানৰ কৰ্মীয়ে বাকচটো ওভটাই নিবলৈ আহে । কিন্তু বাকচটো খোলাৰ পাছত প্ৰতিষ্ঠানৰ কৰ্মীৰ চকু কপালত উঠে । শীতল বাকচৰ ভিতৰত ৰখা দেহটোত সেই সময়তো প্ৰাণ থকাটো নিশ্চিত কৰে কৰ্মীসকলে ।

ইয়াৰ পাছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে লোকজনক হাস্পতালত ভৰ্তি কৰে ।লোকজন ক্ৰমাৎ সুস্থ হৈ উঠিছে বুলি হাস্পতাল কৰ্তৃপক্ষই জনায় । স্থানীয় একাংশই আকৌ আৰক্ষীক জনোৱা অনুসৰি সৰ্বাননৰ পৰিয়ালৰ সদস্যসকল মানসিক ভাৱে সুস্থ নহয় । আনহাতে, আন একাংশৰ মতে ব্যক্তিগত শত্ৰুতা তথা সম্পত্তিৰ লোভতে বৃদ্ধজনক এনেদৰে হত্যা কৰাৰ চেষ্টা কৰা হৈছিল।

Exit mobile version