ভাৰত ভূটান সীমান্তত বাক্সা জিলাৰ নাগ্ৰিজুলি তামোলপুৰত শুক্ৰবাৰে নিশা আবকাৰী আৰু সশস্ত্ৰ সীমা দলে যুটীয়া অভিযান চলায় দুটা অবৈধ সুৰাৰ গুদাম জব্দ কৰিবলৈ সক্ষম হয় ।
আনহাতে এই সময়ত বহু অৰুণাচলত প্ৰস্তুত কৰা IMFL সুৰাও জব্দ কৰে ৷
অবৈধ ভাৱে প্ৰস্তুত কৰা প্ৰায় ২০০ কাৰ্টুন সুৰা জব্দ কৰে আবকাৰী আৰু সশস্ত্ৰ সীমা দলে ।
এই অবৈধ সুৰাসমূহ নামনি অসমত দুৰ্গাপূজাৰ সময়ত বিক্ৰী কৰিবলৈ আনিছিল বুলি সন্দেহ কৰা হৈছে।
উল্লেখযোগ্য যে অভিযানৰ অন্তত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগীয় কৰ্তপক্ষ আৰু SSB ক সফল অভিযানৰ কাৰণে শুভেচ্ছা দিয়ে ।