কাতি বিহুৰ সমান্তৰালভাৱে মাজুলীত আৰম্ভ হ’ল শাৰদীয় উৎসৱৰ

IMG 20201017 WA0036

বিশ্বত্ৰাস অতিমাৰীৰ সংক্ৰমণৰ বাবে বহাগ বিহুৰ পৰা নিমাওমাও হৈ থকা মাজুলীৰ আকাশ বতাহত কাতি বিহুৰ পৰম্পৰাৰে প্ৰতিধ্বনিত হ’ল খোল,তাল, মৃদংগ,ডবা,শংখ,কাহ,কালি ভেৰুৰ সমলয়ত হৰিনামৰ মূৰ্চনা।মহামাৰীৰ নিৰাময় বিচাৰি তুলসীৰ তলত চাকি বন্তি প্ৰজ্বলন কৰি নেদেখা জনক প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসীয়ে।ইফালে ঐতিহ্য মণ্ডিত আউনীআটী সত্ৰই যাউতি যুগীয়া পৰম্পৰা ৰক্ষা কৰি ২১ জোৰা আকাশ বন্তি প্ৰজ্বলনেৰে মাহজোৰা নামোৎসৱৰ শুভাৰম্ভ কৰে। সমগ্ৰ কাতি মাহটো ৰাতিৰ আকাশত জলি থাকিব একৈশ জোৰা আকাশ বন্তি।

আনহাতে আজি সন্ধিয়াৰ পৰা সত্ৰখনত আৰম্ভ হোৱা চাৰি হাটি প্ৰদক্ষিণ কৰি গোৱা নামৰ লগতে সমগ্ৰ কাতি মাহতটো কাহিলী পুৱাতে বৈষ্ণৱসকলে পৰিৱেশন কৰিব জাগৰণৰগীত। ধৰ্মীয় পৰম্পৰা মতে কাতি মাহটো আৰু তুলসী ভগৱানৰ অতি প্ৰিয়। মাজুলীৰ সত্ৰসমূহত কাতি মাহটোত পাঁচবিধ ব্ৰত পালন কৰি অতি সংযম হৈ ভকতি কৰে। তেনে কৰিলে জীৱই পৰিত্ৰাণ লাভ কৰে আৰু তাকে নকৰিলে গাহৰিৰ জনম লাভ কৰে বুলি এক জনবিশ্বাস আছে। একেদৰে আকাশ বন্তি প্ৰজ্বলন কৰিলে ব্ৰহ্মহত্যাৰ দৰে পাপো মোচন হয় বুলি পুৰাণসমূহত উল্লেখ আছে।

আজি মাজুলী সত্ৰসমূহৰ লগতে গ্ৰাম্যাঞ্চলত আকাশ বন্তি প্ৰজ্বলন কৰাৰ লগতে শস্যৰপথাৰত বন্তি প্ৰজ্বলন কৰি তুলসী ভেটিৰ সন্মুখত নামকীৰ্তন কৰা দেখা যায়। আনহাতে বন্তি প্ৰজ্বলন এক কীটনাশক ব্যবস্থা আৰু তুলসীৰ আছে ঔষধি গুণ। আজি পূৱাৰ ভাগত আউনীআটী সত্ৰত পাৰম্পৰিক কাৰ্যসূচিৰ উপৰিও বিহুৰ বাবে বঢ়া প্ৰসংগ, বিশেষ সেৱা পূজা,বৰসবাহ, তুলসী ৰোপন,দীপ উৎৰ্সগা কৰে আৰু গোবিন্দৰ চৰণত অক্ষয় বন্তি প্ৰজ্বলন কৰে। নামঘৰৰ দক্ষিণ দিশত থকা আকাশ বন্তি ক্ষেত্ৰলৈ নিয়াৰ আগতে হিয়ানাম, দিহানাম, গায়ন-বায়ন আৰু ওজা পালি পৰিবেশন কৰে।

সত্ৰৰ বৰদেউৰীয়ে শালগ্ৰাম শিৰত ধাৰণ কৰি মনিকূটৰ পৰা ওলোৱাৰ লগে লগে সত্ৰাধিকাৰ,ডেকা সত্ৰাধিকাৰ,সাতমান ভগীয়া সকলে নিয়মানুযায়ী নামঘৰৰ মূল পথেৰে আকাশ বন্তি ক্ষেত্ৰত প্ৰবেশ কৰে। সমদলৰ লগত সত্ৰৰ বৈষ্ণৱ আৰু নাম লগোৱা, গায়ন-বায়ন,নতুৱা, ওজাপালি, সংকীৰ্তনীয়া,ঢুলীয়া,কালিয়া,ভেৰুৱাৰ সমলয়ত প্ৰতিটো হাটিৰ ভকত বৈষ্ণৱসকলে সংকীৰ্তন পৰিবেশন কৰে। আকাশ বন্তি ক্ষেত্ৰত বৰদেউৰীয়ে শালগ্ৰাম স্থাপন কৰি পূজা আৰম্ভ কৰে আৰু সমদলে চাৰি বাৰ ক্ষেত্ৰ প্ৰদক্ষিণ কৰাৰ অন্তত মান্যানুষাৰে একৈশ জোৰা আকাশ বন্তি আকাশলৈ উত্তোলন কৰে।

পৰিশেষত মনিকূটত সেৱাধৰি বহাৰ সন্মুখত আকাশ বন্তি আৰু তুলসীৰ তলত বন্তি প্ৰজ্বলন কৰাৰ উপৰিও সন্ধিয়া নাম পৰিবেশন কৰি সত্ৰৰ চাৰি হাটি প্ৰদক্ষিণ কৰি দিনটোৰ কাৰ্যসূচীৰ সামৰণি মাৰে৷ একৈশ জোৰা আকাশ বন্তি সমগ্ৰ কাতি মাহত প্ৰজ্বলন কৰি ৰাখে।কাতি মাহৰ ২৫ তাৰিখৰ পৰা২৯ তাৰিখলৈ হোৱা পালনাম মহোৎসৱৰ অন্তত আকাশ বন্তি অৱনমিত কৰা হয়। আজি সত্ৰত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হ’লেও জনসমাগম সেৰেঙা দেখা গৈছিল। তদুপৰি মহামাৰীৰ সংক্ৰমণৰ বাবে পালনাম মহোৎসৱ ভাগি অনুষ্ঠিত কৰাৰ নিশ্চয়তা নোহোৱাত ভকত বৈষ্ণৱসকল আৰু সত্ৰৰ শিষ্য প্ৰশিষ্যৰ মনবোৰ গোমা ৷

সত্ৰাধিকাৰ ড° পীতাম্বৰ গোস্বামীয়ে এই ক্ষেত্ৰত আশাবাদী। অতি সোনকালেই ৰাইজৰ মাজলৈ শুভদিন ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰি অসমৰ ৰাইজলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। আকাশ বন্তি ক্ষেত্ৰখন উদ্যানলৈ পৰিৱৰ্তন কৰাৰ বাবে লোৱা উদ্যোগৰ শেষত এক চমু কাৰ্যসূচিৰে উদ্যানখন উদ্বোধন কৰে অসমৰ এগৰাকী খ্যাতনামা শিল্পী ডা চি এছ শিৱাই ৷ আৰু অনুষ্ঠানটোৰ আঁত ধৰে অধ্যাপক তুলসী ৰাজ খোৱাই।

Exit mobile version