কেক -বিস্কুটৰ পৰা কেপচিকামৰ ৰঙৰে ৰঙীণ হ’ব বিহাৰ বিধানসভা নিৰ্বাচনৰ

WhatsApp Image 2020 10 17 at 4.57.01 PM

কেক -বিস্কুটৰ পৰা কেপচিকামৰ দৰে পাচলিৰ ৰঙৰে এইবাৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ ই ভি এম ৰঙীন হৈ উঠিব।অহা ২৮ অক্টোবৰৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত সৰু সৰু দলবিলাকৰ প্ৰতীকক লৈ ইতিমধ্যে ভোটাৰ ৰাইজৰ চকু কপালত উঠিছে।কিয়নো নিৰ্বাচনী প্ৰতীক হিচাপে কেক -বিস্কুট ,কেপচিকাম অথবা আঙুৰতেই এই তালিকাখনৰ অন্ত পৰা নাই।বেবি ৱাকাৰ, কড়াই,জোতাৰ পৰা লাঠি-বেটৰ প্ৰতীকো ল’বলগীয়া হৈছে দলবিলাকে নিৰ্বাচনী যুঁজৰ বাবে।

ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জিতিন মাঝিৰ দলটোৰ নাম হিন্দুস্তানী আৱাম মৰ্চা (ছেকুলাৰ)।এই দলটোৱে জনতা দল (ইউ)ৰ স’তে মিত্ৰতা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে।সাতখন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ দলটোৱে প্ৰতীক হিচাপে লাভ কৰিছে ‘কড়াই’ ।সকলোৰে ঘৰত কেৰাহী থাকে যদিও এই সন্দৰ্ভত কিন্তু আশ্বস্ত হ’ব পৰা নাই দল।ভোটাৰৰ মাজত প্ৰতীক চিহ্নক পৰিচিত কৰিবলৈ সেয়েহে দলে অহা সোমবাৰে গয়া চহৰত কেৰাহীত ছুজিৰ হালোৱা বনাব।

২০১৫ ত ‘হকী ষ্টিক ‘ৰ প্রতীকত নিৰ্বাচনত অৱতীৰ্ণ হোৱা পাপ্পু যাদৱৰ দলে এইবাৰ ‘কাচি’ চিহ্নত প্ৰতিদ্বন্দিতাত নামিব ।শিবু ছোৰেণৰ ঝাড়খণ্ড মুক্তি মৰ্চাৰ ভাগত পৰিছে ‘লাঠি’ ।লোকশক্তি পাৰ্টিৰ ভাগত পৰিছে ‘ডিছ এন্টেনা’ৰ প্রতীক।সমাজবাদী পাৰ্টি আৰু আম আদমী পাৰ্টিয়ে নিজস্ব প্ৰতীক ক্ৰমে ‘চাইকেল’ আৰু ‘ঝাড়ু’ লাভ কৰিলেও ৫০ খন আসনত প্ৰতিদ্বন্দিতাত নমা শিৱসেনাই ‘বিস্কুট’ৰ প্ৰতীকতে সন্তষ্ট থাকিবলগীয়া হৈছে।ৰাষ্ট্ৰীয় জন শক্তি পাৰ্টিয়ে ‘আঙুৰ ‘ আৰু ভাৰতীয় আম আদমী পাৰ্টিয়ে ‘কেপচিকাম’ৰ প্ৰতীকত নিৰ্বাচন খেলিব ।এন জে চিৰ প্ৰতীক হ’ব ‘কেক’ ।বি ডি পি দলৰ প্রতীক হ’ব ‘জোতা’ ।জনবিকাশ পাৰ্টিয়ে ‘বেবি ৱাকাৰ ‘ৰ প্ৰতীকত নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

Exit mobile version