পশ্চিম কাৰ্বি আংলঙবাসীয়ে আজিও পাহৰিব পৰা নাই ২০০৫ ৰ ১৭ অক্টোবৰক

2961f00c 7f7d 4bcc 99cc dcbf81361675

২০০৫ৰ ১৭ অক্টোবৰ। এই দিনটোতে কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃঘাতি সংঘাতৰ সুযোগ লৈ সংঘটিত হৈছিল পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত এক শিহৰণকাৰী গণহত্যাৰ ঘটনা। আৰু এই গণ হত্যাত অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল শিশু-মহিলাকে ধৰি ৪১ গৰাকীকৈ নিৰীহ লোকে৷

উল্লেখযোগ্য যে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো উক্ত পাশৱিক গণহত্যাত প্ৰাণ হেৰুৱা লোকসকলক স্মৰণ কৰি ৰাষ্ট্রীয় শোক দিৱস পালন কমিটিৰ উদ্যোগত আয়োজন কৰা শোক দিৱস কাৰ্যসূচী। এই কাৰ্যসূচীৰ জৰিয়তে মৌন প্ৰাৰ্থনা-শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংসহ কাৰ্বি পৰিষদৰ বৃহৎ সজাতি দলৰ লগতে বিভিন্ন দল সংগঠন আৰু অন্য ৰাজনৈতিক দলসমূহে। লগতে স্মৃতিস্থলীত প্ৰাণ হেৰুৱা লোকৰ সোঁৱৰণিত ইতিমধ্যে নিৰ্মাণ কৰি তোলা এটা ৰাজহুৱা প্ৰেক্ষাগৃহৰো শুভ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ সজাতি দলটোয়ে।

ইয়াৰ পাছতে অনুষ্ঠিত হয় এখন ৰাজহুৱা শোক সভা ৷ আৰু এই সভাৰ জৰিয়তে ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে স্মৃতিস্থলীত এখন ৰাজহুৱা উদ্যানৰ লগতে প্ৰাণ হেৰুৱা নিৰীহ লোকসকলৰ স্মৃতিত তেওঁলোকৰ আৱক্ষয়মূৰ্তি নিৰ্মাণ কৰিব বুলি সদৰী কৰে।উল্লেখযোগ্য যে ২০০৫ চনৰ ১৭ অক্টোবৰ সেই অভিশপ্ত দিনটো আজিও সজীৱ হৈ আছে পশ্চিম কাৰ্বি আংলঙবাসীৰ মাজত ।

কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃঘাতী সংঘাতৰ সুযোগ লৈ অচিনাক্ত দুৰ্বৃত্তই ঠাই দুখনত সংঘটিত কৰিছিল গাৰ নোম শিয়ঁৰি উঠা এক হত্যা লীলা। সেই দিনটোত অচিনাক্ত দুৰ্বৃত্তই জেৰিকীন্দেঙৰ পৰা লংকা-ডিফু অভিমুখে অহা কাৰ্বি স্বায়ত্ব পৰিষদৰ অধীনৰ দুখন যাত্ৰীবাহী বাছ ছাৰচিমত বাট আগুচি ধৰি বাছ দুখনত থকা কাৰ্বি সম্প্ৰদায়ৰ যাত্ৰীসকলক গাড়ীৰ পৰা নমাই এফালৰ পৰা ঘপিয়াই ঘপিয়াই হত্যা কৰিছিল। উক্ত হত্যা কাণ্ডত নিৰীহ পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধাৰ লগতে কণমানি শিশুও নিজৰ প্ৰাণ হেৰুৱাইছিল।

আনকি ইয়াৰ পাছতো ঘাটকৰ দলটোয়ে ক্ষান্ত নাথাকি প্ৰিচেক নামৰ গাঁৱখনত উপস্থিত হৈ গাঁৱখনৰ নিৰীহ লোকক লগত মাৰাণাস্ত্ৰৰে গুলিয়াই হত্যা কৰিছিল। আৰু এনেদৰেই উক্ত দিনটোত সংঘটিত হত্যাকাণ্ডত পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধাৰ লগতে কণমানি শিশুকে ধৰি মুঠ ৪১ গৰাকীকৈ নিৰীহ কাৰ্বি সম্প্ৰদায়ৰ লোকে প্ৰাণ হেৰুৱাইছিল।কিন্তু দুৰ্ভাগ্যজনক কথা যে আজিও মুকলি আকাশৰ তলত ঘুৰি ফুৰিছে সেই অচিনাক্ত দুৰ্বৃত্তৰ সদস্যসকল।আৰু উচিত ন্যায় লাভৰ আশাত আজিও আশাবাদী এইসকল পৰিয়াল।

Exit mobile version