প্ৰায় সাত মাহৰ পাছত ভক্তৰ বাবে খোলা হৈছে সবৰীমালা মন্দিৰৰ দুৱাৰঃবাধ্যতামূলক কৰ’না পৰীক্ষা

WhatsApp Image 2020 10 17 at 12.17.55 PM

কৰ’নাৰ মহামাৰীৰ কাৰণে প্ৰায় সাতমাহ ধৰি বন্ধ হৈ থকা কেৰেলাৰ প্ৰসিদ্ধ সবৰীমালা মন্দিৰ শনিবাৰে পুৱা ভক্তৰ কাৰণে খোলা হৈছে ৷ ইয়াৰ পাছতে মাস্ক আৰু ক’ভিড নিগেটিভ প্ৰতিবেদন লৈ বহু লোকে দৰ্শন কৰে সবৰীমালা মন্দিৰ।

কৰ’নাৰ পৰিপ্ৰেক্ষিতত দেশত বহুত ধাৰ্মিক স্থল বন্ধ কৰি দিয়া হৈছিল ৷সম্প্ৰতি আনলক ৫ ত লাহে লাহে দেশৰ ধাৰ্মিক স্থানসমূহ পুনৰ মুকলি কৰি দিয়া হৈছে।

আজি সবৰীমালা মন্দিৰত অনলাইনৰ দ্বাৰা ২৪৬ জন লোকে মন্দিৰ প্ৰবেশৰ কাৰণে টিকট বুক কৰিছিল যদিও কেৱল ২৫০ লোকেহে প্ৰবেশৰ সুবিধা লাভ কৰে।

কেৰেলাত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত অয়প্পা মন্দিৰত বহু কঠোৰভাৱে কৰ’নাৰ প্ৰট’কল অনিবাৰ্য কৰা হৈছিল ।সম্প্ৰতি যিসকল লোকে কৰ’নাৰ টেষ্টৰ প্ৰতিবেদন নিজৰ লগত লৈ যোৱা নাই ।তেওঁলোকক পুনৰ ৰেপিড এন্টিজেন টেষ্ট কৰাইছে। আনহাতে মন্দিৰত কেৱল ১০-৬০ বছৰৰ লোকহে প্ৰবেশ কৰিব পাৰিব।

Exit mobile version