২নবেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ

23 03 20 Guwahati Himanta Biswa Sarma Press Meet 1

Assam State Finance, Education, PWD, Health Family and Welfare Etc. Minister Himanta Biswa Sarma, addresses press conference announcing Assam state lockdown from 24th March after 6pm onwards in the wake of deadly coronavirus, at Janata Bhawan in Guwahati on 23-03-2020.Pix by UB Photos

আজি জনতা ভৱনত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলৰ আয়োজন কৰে ৷কৰ’নাৰ লগতে আগন্তুক দুৰ্গা পূজা আৰু কৰ’নাৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ পুনৰ খোলাৰ সন্দৰ্ভত সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

সমাগত দুৰ্গাপূজা ৷গতিকে পূজাত পূজা কমিটিৰ লগতে পূজাৰীসকলৰ ক’ভিড টেষ্ট কৰাটো হ’ব বাধ্যতামূলক ৷

১০ বজাত মণ্ডপ বন্ধ হ’লেও পূজা চলাই থাকিব পাৰিব ৷

অসমবাসীক দুৰ্গাপূজা অতি সাৱধানেৰে পালন কৰিবলৈ আহ্বান মন্ত্ৰী ড° শৰ্মাৰ ৷

ইপিনে ২নবেম্বৰৰ পৰা কাৰিকৰী প্ৰতিষ্ঠান আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহ খোলা হ’ব। কিন্তু হোষ্টেলসমূহ বন্ধ থাকিব ৷আনহাতে অনলাইন ক্লাচ বাহাল থাকিব।

ক্লাচ ৰূমত ২০-২৫ জন ছাত্ৰ ছাত্ৰী থাকিব পাৰিব ৷অৱশ্যে সেয়া নিৰ্ভৰ কৰিব ক্লাচৰূমত পৰিসীমাৰ ওপৰত ৷

আনহাতে ২নবেম্বৰৰ পৰা ৰাজ্যৰ মহাবিদ্যালয়ত হ’ব পাঠদান। প্ৰথম ষান্মাষিকৰ ক্লাছ হ’ব সোমবাৰ আৰু বৃহস্পতিবাৰে আৰু তৃতীয় ষান্মাষিকৰ ক্লাচ হ’ব মংগল ,বুধ আৰু শুক্ৰবাৰে ৷

বিদ্যালয়সমূহৰ ক্ষেত্ৰত পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ থাকিব ৷অৱশ্যে গাঁৱৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকল পাঠদান সম্পৰ্কীয় প্ৰশ্ন থাকিলে বিদ্যালয়লৈ যাব পাৰিব।

ষষ্ঠ শ্ৰেণীৰ পৰা পাঠদান হ’ব ।সকলো বিদ্যালয়ত এটা পাঠদান হ’ব পুৱা ৮-৩০ ৰ পৰা ১২.৩০ লৈ আৰু আন এটা পাঠদান হ’ব ১.৩০ ৰ পৰা ৪.৩০ লৈ।

প্ৰথম ১৫দিন হ’ব অৰিয়েণ্টেশ্যন ক্লাচ ।ইয়াৰ পাছতহে নিয়মীয়াকৈ ক্লাচ আৰম্ভ হ’ব ।

পাঠ্যক্ৰমৰ বোজা হ্ৰাস পাব হ’ব ৷কেৱল অষ্টম,দশম আৰু দ্বাদশ শ্ৰেণীৰহে পৰীক্ষা হ’ব ।আন শ্ৰেণীসমূহত এইবাৰ পৰীক্ষা নহয় ।

বিদ্যালয়,মহাবিদ্যালয়ত সকলো ক’ভিড ১৯ প্ৰট’কল মানি চলিব লাগিব ।আনহাতে ছাত্ৰ ছাত্ৰী,শিক্ষক সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷

Exit mobile version