২০২০ ত নিৰ্ণয় হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাগ্য

200602 donald trump joe biden protest response se 109p 9c28862e6197b6b9860b169572a7d073.nbcnews fp 1200 630

সমাগত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন ৷কিন্তু এতিয়াও ৰাষ্ট্ৰপতি নিৰ্বাচনৰ আন এজন প্ৰাৰ্থী জ’ বাইডেনতকৈ পিছ পৰি আছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। যদি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প তিনি নবেম্বৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয় হয় তেন্তে ভংগ হ’ব ২৮ বছৰীয়া অভিলেখ ৷

যদি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প নিৰ্বাচনত জয়ী নহয় তেন্তে ১৯৯২ ত জ্যেষ্ঠ Geroge Bush ৰ পাছত দ্বিতীয়টো কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰা প্ৰথমজন ৰাষ্ট্ৰপতি হ’ব ৷ কাৰণ Geroge Bush ও এটা কাৰ্যকালৰ পাছত ১৯৯২ ত নিৰ্বাচনত পৰাজয় বৰণ কৰিছিল। ইয়াৰ পাছত ডেম’ক্ৰেট বিল ক্লিনটন,ৰিপাব্লিকান Geroge Bushআৰু ডেম’ক্ৰেট বাৰাক অ’বামা ৮ বছৰকৈ ৰাষ্ট্ৰপতিৰ আসন শুৱনি কৰিছিল। ট্ৰাম্পে কেৱল ৪ বছৰৰ এটা কাৰ্যকাল সম্পূৰ্ণ কৰিছে ৷

আনহাতে প্ৰথমবাৰৰ কাৰণে ভাৰতীয় মূলৰ কমলা হেৰিছ ২০২০ ত আমেৰিকাৰ উপৰাষ্ট্ৰপতিৰ পদ শুৱনি কৰিব পাৰে ।নিৰ্বাচনত জয় লাভ কৰিলে আমেৰিকাৰ ৰাজনীতিত এক বিশেষত্ব প্ৰদান কৰা হেৰিছ হ’ব ভাৰতীয় মূলৰ প্ৰথম মহিলা ।

Exit mobile version