ৰাইজৰ দলৰ খচৰা সংবিধান মতামত আৰু বিতৰ্কৰ বাবে ৰাজহুৱা

186dcf5c 8e6f 43f7 a8bc 6a4d663f07d4

বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানকে ধৰি কেবাটাও লক্ষ্য- উদ্দেশ্য আগত ৰাখি শনিবাৰে আঞ্চলিক ৰাজনৈতিক দল “ৰাইজৰ দলে” দলীয় খচৰা সংবিধান মতামত আৰু বিতৰ্কৰ বাবে ৰাজহুৱা কৰে | মুখ্য আহ্বায়ক ভাষ্কো ডি শইকীয়াই সংবিধানৰ বিশেষ বৈশিষ্ঠ আৰু আন আন দিশ তথা বিষয়বস্তুসমূহ এক সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰে |

তেওঁ দলৰ নাম আৰু প্ৰতীক অসমৰ ৰাইজৰ পৰামৰ্শ আৰু মতামতৰ ওপৰত ভিত্তি কৰি নিশ্চিত কৰা হ’ব বুলি উল্লেখ কৰি অসমবাসীৰ মতামতৰ পিছতহে সংবিধানখন চূড়ান্ত ৰূপ পাব বুলি কয়। ” উন্নয়নক মূলমন্ত্ৰ হিচাপে লৈ গঠন কৰা হৈছে এই সংবিধান। উন্নয়নেই হ’ব ৰাইজৰ দলৰ প্ৰথম কথা আৰু দলৰ শেষ কথা” এইদৰে কয় শইকীয়াই। উল্লেখ্য যে, ৪৪ পৃষ্ঠাৰ হ’ব সংবিধানখনত আছে মুঠ ২২ টা অনুচ্ছেদ।

প্ৰস্তাৱনা-“ভাৰতৰ সংবিধানৰ সমাজবাদী ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ আদৰ্শক সাৰোগত কৰি এক ঐক্যবদ্ধ শক্তিশালী আৰু সমৃদ্ধিশালী অসম গঢ়িবলৈ, অসমবাসীৰ জাতীয় আশা-আকাংক্ষাক সাকাৰ কৰিবলৈ তথা এখন উন্নত অসম গঢ়িবলৈ সংকল্প গ্ৰহণ কৰি আমি আমাৰ এই সংবিধান গ্ৰহণ কৰিছো।

বিভিন্ন জাতি, জনগোষ্ঠীৰ, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে প্ৰতিজন নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰি প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ আৰু অসমীয়া জাতিৰ সামুহিক জাতীয় সপোনক বাস্তৱ ৰূপ দিবলৈ এই দল গঠন কৰা হৈছে। ৰাজ্যখনৰ সকলো নাগৰিকৰ বাবে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় প্ৰদান কৰিবলৈ আমি বদ্ধ পৰিকৰ। সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, বৰ্ণ, ভাষা-ভাষীৰ সম-মৰ্যাদা, সম-অধিকাৰ, সম-বিকাশৰ প্ৰতিশ্ৰুতিৰে আমি এই দল গঠন কৰিছো।”

Exit mobile version