আইন শৃংখলাৰ পৰিস্থিতি অৱনতি হ’লে পশ্চিমবংগত ৰাষ্ট্ৰপতিৰ শাসন বিচৰাৰ অধিকাৰ আছে বিজেপিৰ ৷ এই দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। লগতে গৃহমন্ত্ৰী শ্বাহে কয় যে অহা বছৰৰ বিধান সভাৰ নিৰ্বাচনত জয়ী হৈ পশ্চিমবংগত বিজেপি ক্ষমতালৈ আহিব । ইফালে লাডাখৰ ভাৰত-চীন সীমান্ত সমস্যাক লৈ মন্তব্য কৰি শ্বাহে কয় যে লাডাখ সীমান্তৰ সমস্যা সমাধানৰ বাবে চৰকাৰে সম্ভৱপৰ সকলো পৰ্যায়ৰ সামৰিক আৰু কূটনৈতিক প্ৰচেষ্টা হাতত ল’ব ।
চীনৰ সন্দৰ্ভত অধিক সষ্টম হৈ অমিত শ্বাহে কয় ” আমি সতৰ্ক হৈ আছো, আমি আমাৰ এক ইঞ্চি ভূমিয়ো এৰি নিদিওঁ। আমাৰ প্ৰতিৰক্ষা বাহিনী আৰু নেতৃত্বই দেশৰ সাৰ্বভৌমত্ব আৰু সীমান্ত ৰক্ষা কৰবিলৈ সক্ষম”৷ দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তা ৰক্ষাৰ বাবে এই চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ । এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।