ক্ষুধাসূচকত ভাৰতৰ স্থান ৯৪

Screenshot 19

সৰ্বাধিক সংখ্যক বুভুক্ষ লোকেৰে ভৰা দেশৰ তালিকাৰ আগশাৰীত স্থান লাভ কৰিছে ভাৰতে৷পৃথিৱীৰ ক্ষুধাৰ ক্ষেত্ৰত যিসমূহ দেশৰ অৱস্থা শোচনীয় সেই তালিকাৰ ওপৰৰ দিশত আছে ভাৰত ৷ কেৱল এয়ে নহয়, প্ৰতিবেশী দেশসমূহ যেনে বাংলাদেশ, পাকিস্তান আদিতকৈও এই ক্ষেত্ৰত পিছুৱাই আছে ভাৰত ৷ ইয়াৰ বিপৰীতে ক্ষুধা নিবাৰণৰ তালিকাত ওপৰত দিশে আছে চীন। উল্লেখযোগ্য যে প্ৰথম ২০টাৰ ভিতৰত স্থান লাভ কৰিছে ব্ৰাজিল, চিলি, কিউবা, আজেন্টিনাসহ লেটিন আমেৰিকাৰ কে’বাখনো দেশে ৷

আনহাতে ক্ষুধা নিবাৰণৰ নিৰিখত উদ্বেগজনক স্থানত আছে আফ্ৰিকাৰ তিনিখন দেশ ক্ৰমে চাঁদ, মাদাগাস্কাৰ আৰু টিম’ৰ । বিশ্ব ক্ষুধা সূচকৰ ২০২০ ত ১০৭ খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতৰ স্থান ৯৪ তম । ভাৰত ক্ষুধাৰ গুৰুতৰ শ্ৰেণীভূক্ত হৈছে ৷ দুৰ্বল ৰূপায়ণ প্ৰক্ৰিয়া, দক্ষ নিৰীক্ষণৰ অভাৱ, পৰিপুষ্টিহীনতা স’তে মোকাবিলা কৰাত সোপাঢিলা মনোভাব তথা বৃহৎ ৰাজ্যসমূহৰ শোচনীয় প্ৰদৰ্শন আদিকে কাৰণৰূপে দায়ী কৰিছে বিশেষজ্ঞমহলে ৷

বিগত বৰ্ষত ১১৭ খন দেশৰ ভিতৰত ভাৰতৰ স্থান আছিল ১০২ ৷ ভাৰতৰ চুবুৰীয়া বাংলাদেশ,ম্যানমাৰ আৰু পাকিস্তানো আছে ৷লক্ষ্যণীয়ভাৱে ভাৰততকৈ উন্নত স্থান আছে বাংলাদেশ(৭৫ তম), ম্যানমাৰ(৭৮তম),পাকিস্তান (৮৮তম) ৷ প্ৰতিবেদন অনুসৰি নেপালৰ স্থান ৭৩ তম আৰু শ্ৰীলংকাৰ ৬৪ তম। এই মৰ্মে মধ্যম পৰ্যায়ৰ ক্ষুধাৰ শ্ৰেণীভুক্ত হৈছে এইসমূহ দেশ ৷ ইপিনে চীন, বেলাৰুছ, ইউক্ৰেইন, তুৰ্কী, কিউবা আৰু কুৱেইটে এই তালিকাত গৌৰৱময় স্থান দখল কৰিছে ৷

Exit mobile version