ঘূর্ণীৰ পৰা ৰক্ষা কৰিবলৈ নিজ ঘৰত আশ্ৰয় দিছে তিনি শতাধিক কুকুৰক

0.21286200 1464082433 aila

‘ডেলটা’ই যিকোনাে সময়তে আঘাত হানিব পাৰে দক্ষিণ আমেৰিকাত । তীব্রগতিত আগবাঢ়ি অহা ঘূর্ণী-ধুমুহাত সবাতােকৈ ক্ষতিগ্রস্ত হ’ব পাৰে মেক্সিকো। দেশখনৰ ইউকাটান প্রদেশত ইয়াক লৈ সতর্কতা জাৰি কৰা হৈছে। ডেলটা নামৰ এই ঘূর্ণীত নিজকে সুৰক্ষিত ৰাখিবলৈ সকলােৱে চেষ্টা চলােৱাৰ সময়তে মানৱীয় দৃষ্টান্তৰ পৰিচয় দিবলৈ সক্ষম হৈছে ৰিকার্ড পিমেণ্টেল নামৰ মেক্সিকোৰ এজন লােকে।

ঘূর্ণীৰ সময়ত সুৰক্ষিত হৈ থাকিব পৰাকৈ এটা-দুটা নহয়, তিনি শতাধিক কুকুৰক নিজগৃহত আশ্রয় দিছে ৰিকাৰ্ডৱে। কুকুৰৰ বাহিৰেও মেকুৰী, কুকুৰা তথা এটা ‘হেজহগ’কো নিজ ঘৰত ৰিকাৰ্ডৱে আশ্রয় দিছে। নিজ কামৰ বাবে সকলােৰে পৰা প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে হৃদয়বান লােকজনে।

যােৱা দুটা দশক পূর্বে ৰিকাৰ্ডৱে জীৱ-জন্তুৰ বাবে এখন ‘ফার্ম খুলিছিল। নাম দিছিলে ‘টিয়ে ডে এনিমেলছ’। সেই সময়ৰে পৰা ফার্মখনলৈ এটাৰ পাছত আনটোকৈ জীৱ-জন্তু আহি আছে। ইয়াৰে বহু জন্তু জংঘলৰ পৰা অনাৰ সমান্তৰালভাৱে পথৰ পৰাও আনিছে একাধিক দুর্দশাগ্রস্ত জন্তু । সম্প্রতি তিনি শতাধিক কুকুৰাে তেনেদৰেই অনা হৈছে। এতিয়া ঘূর্ণীত ফাৰ্মখন ক্ষতিগ্রস্ত হােৱাৰ আশংকা কৰা হৈছে।

সেয়েহে ফাৰ্মৰ আটাইবিলাক জীৱ-জন্তু ফাৰ্মৰ পৰা নিজ ঘৰলৈ স্থানান্তৰ কৰা হৈছে। ঘূর্ণীৰ সময়ত জীৱ-জন্তুবিলাকৰ বাবে খাদ্যৰ নাটনি হােৱাৰ আশংকা কৰি ছ’চিয়েল মিডিয়াযােগে খাদ্য বিচাৰি আহ্বানাে জনাইছে ৰিকাৰ্ড’ৱে। এই সন্দৰ্ভত ৰিকাৰ্ডৱে কয় যে তেওঁৰ যদি ১০-২০টা কুকুৰ থাকিলহেঁতেন তেন্তে চিন্তা কৰিবলগীয়া একো নাছিল । কিন্তু তিনি শতাধিক কুকুৰক খাদ্য যােগান ধৰাটো সহজ কথা নহয়। তদুপৰি কুকুৰবিলাক আনি ঘৰতে ৰাখিবলগীয়া হৈছে। সেয়েহে খাদ্য সাহায্যৰ প্ৰয়ােজন হৈছে।

ছ’চিয়েল মিডিয়াত খাদ্য সাহায্য বিচাৰি আহ্বান জনােৱাৰ পাছতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ৰিকাৰ্ডৱে সহায়ৰ হাত লাভ কৰিছে। বহুজনে ৰিকার্ড লৈ প্রশংসাসূচক বার্তাও প্ৰেৰণ কৰিছে। সহায়ৰ হাত আগবঢ়োৱা সকলৰ ভিতৰত ২০ বছৰ বয়সীয়া এগৰাকী যুৱতী অন্যতম। বহু বন্ধু তথা আত্মীয়ই ৰিকার্ড’ক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। এনেদৰে সহায় লাভ কৰি স্বাভাৱিকতে আনন্দিত হৈ পৰিছে ৰিকার্ড’। এক সাক্ষাৎকাৰত ৰিকাৰ্ডৱে জনােৱা অনুসৰি ঘূর্ণীৰ পৰা জীৱ-জন্তুকেইটাক ৰক্ষা কৰাটোৱে বর্তমান সময়ত তেওঁৰ মূল উদ্দেশ্য।

Exit mobile version